সুৰাৰ বাবে হেৰুৱালে স্বামীক, ১০ বিধৱা মহিলাৰ ‘সুৰা মৃত্যুৰ অন্য নাম’ সংকলন উন্মোচন

সুৰাৰ বাবে হেৰুৱালে স্বামীক, ১০ বিধৱা মহিলাৰ ‘সুৰা মৃত্যুৰ অন্য নাম’ সংকলন উন্মোচন

ডিজিটেল সংবাদ, গোলাঘাটঃ মদৰ বাবে স্বামীক হেৰুৱালগীয়া হোৱা ১০গৰাকী বিধৱা মহিলাই ভক্স পপুলীৰ উদ্যোগত আয়োজিত গোলাঘাট গ্ৰন্থমেলাত উন্মোচন কৰে "সুৰা মৃত্যুৰ অন্য নাম" শীৰ্ষক সুৰা বিষয়ক এখন সংকলন৷ অসমৰ বিশিষ্ট বুদ্ধিজীৱী, চিকিৎসক, সমাজ সতেচন লোকৰ লেখাৰে সমৃদ্ধ সংকলনখনি সম্পাদনা কৰে পুলকৰঞ্জন গগৈ আৰু মৃদুল শৰ্মাই৷ মদমুক্ত অসম দাবী সমিতিয়ে "নিচাযুক্ত দ্ৰব্য ( মদ, ভাং, চিগাৰেট, গুটখা আদি) বৰ্জনৰ বাবে বিভিন্ন কৌশল" বিষয়ত এক আলোচনা চক্ৰৰ আয়োজন কৰে৷ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাসে উদ্ধোধন কৰা আলোচনা চক্ৰত উপস্থিত থাকে যোৰহাটৰ বিশিষ্ট ব্যক্তি ভৱেন হাজৰিকা আৰু চিকিৎসক দিগন্ত দাস৷ আলোচনাখনিত মনৰোগ পৰামৰ্শদাতা বুলটি শইকীয়া সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে৷

দিনক দিনে সমাজত সুৰাৰ প্ৰচলন বৃদ্ধি হোৱাৰ বাবে না না অসুবিধাই দেখা দিছে। কম বয়সতে কোনো লোকে পুত্ৰ, স্বামী অথবা পিতৃক হেৰুৱাবলগীয়া গৈছে। সুৰাৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি অৱস্থান কৰি আহিছে মদমুক্ত অসম দাবী সমিতিয়ে না না অনুষ্ঠানৰ আয়োজন কৰি আহিছে।

সুৰাৰ বিৰুদ্ধে প্ৰচাৰপত্ৰ বিতৰণ কৰাৰ লগতে বাটৰ নাটৰ দৰে অনুষ্ঠানো পৰিবেশন কৰিছে তেওঁলোকে। শেহতীয়াভাৱে সমাজৰ বিভিন্ন ক্ষেত্ৰত আগভাগ লৈ অহা সমল ব্যক্তি অথবা সাহিত্য কাণ্ডাৰীসকলৰ পৰা সংগঠনটোৱে সুৰাৰ প্ৰচলন বন্ধৰ দাবীত স্বাক্ষৰ গ্ৰহণ কাৰ্যসূচী আৰম্ভ কৰিছে। ইতিমধ্যে তেওঁলোকে সহস্ৰাধিক লোকৰ পৰা স্বাক্ষৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।

দেওবাৰে অনুষ্ঠিত সভাখনত শতাধিক সচেতন ৰাইজে অংশগ্ৰহণ কৰি এখন সুৰামুক্ত অসম গঢ়াত সকলোকে সহযোগ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে, সংগঠনটোৱে সুৰাৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক তথা চৰকাৰৰ বিভিন্ন জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সুৰাৰ বিৰুদ্ধে সংগঠনটোৱে লোৱা প্ৰতিবাদী কাৰ্যসূচীত ইতিমধ্যে সুৰা সেৱন ত্যাগ কৰি বহুজনে সংগঠনটোক সঁহাৰি জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in