ভোকাতুৰ কপিকুলক খাদ্য…

ভোকাতুৰ কপিকুলক খাদ্য…

ডিজিটেল সংবাদ, দেৰগাঁৱঃ লকডাউনৰ সময়ত পোহনীয়া জন্তুৰ বাহিৰে অন্যান্য বিভিন্ন জন্তুৰ মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে। এই বিষয়ক লৈ প্ৰথমৰে পৰাই বাতৰি পৰিৱেশন কৰাৰ লগতে পাৰ্যমানে কিছু ব্যৱস্থাও গ্ৰহণ কৰি আহিছে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে। বিভিন্ন তীৰ্থস্থানত বাস কৰা বান্দৰ, পাৰ চৰাইৰ পৰা আদি কৰি বাট-পথৰ কুকুৰ-চৰাই চিৰিকটিৰ তীব্ৰ খাদ্য সংকটে দেখা দিয়াৰ সময়তে দেৰগাঁৱত দুগৰাকী পৰিবহন বিষয়া আৰু বন বিভাগৰ বিষয়াই গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ।

লকডাউনৰ সময়ত খাদ্য সামগ্ৰীৰ সংকটত ভোগা সময়তে দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ শ শ বান্দৰক বিতৰণ কৰে খাদ্য সামগ্ৰী। বুধবাৰে পুৱাই ক্ষুধাৰ্ত কপিকুলক খাদ্য সামগ্ৰী প্ৰদান কৰি সাংবাদিকৰ সন্মুখত তেওঁলোকে কয় যে, মানুহৰ বাবে আমি যিদৰে ভাৱো, এই জন্তুবোৰৰ খাদ্যৰ বাবেও চিন্তা কৰা উচিত। বিশেষকৈ লকডাউনৰ সময়ত জন্তু বিলাকে তীব্ৰ খাদ্য সংকটত ভোগা দেখিয়েই এই কাম কৰাৰ কথা কয় তেওঁ।

উল্লেখযোগ্য যে প্ৰতিদিনাই জিলা বন বিষয়া আৰু পৰিবহন বিষয়াই নিজা উদ্যোগত এইদৰে দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ বান্দৰ বোৰক খোৱা সামগ্ৰী দি সহায়ৰ হাত আগবঢ়াবই আহিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in