গোলাঘাটত অবৈধ সুৰা নিষিদ্ধ কৰাৰ দাবীত ৰাজহুৱা সভা…

গোলাঘাটত অবৈধ সুৰা নিষিদ্ধ কৰাৰ দাবীত  ৰাজহুৱা সভা…

ডিজিটেল সংবাদ , দেৰগাঁওঃসমগ্ৰ অসমৰ লগতে বিশেষকৈ গোলাঘাট জিলাত অবৈধ সুৰা নিষিদ্ধ কৰাৰ দাবীত আৰু চাহ বাগিচা অঞ্চলৰ পৰা সুৰা প্ৰস্তুত কৰা প্ৰক্ৰিয়া বন্ধ কৰি হাজাৰ হাজাৰ শ্ৰমিক তথা দৰিদ্ৰ পৰিয়ালক সুৰক্ষা দিয়াৰ স্বাৰ্থত আজি ব্ৰহ্মপুত্ৰ অঞ্চলৰ শ্বহীদ স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত মহিলা সমিতি আৰু মদমুক্ত দাবী সমিতিৰ যুটিয়া উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ য় যায় ।

উল্লেখ্য যে অসমত সম্পূৰ্ণৰূপে সুৰা নিষিদ্ধ কৰনৰ বাবে নিৰলস সংগ্ৰাম অব্যাহত ৰখি অহা মদ মুক্ত দাবী সমতিয়ে আজি গ্ৰমাঞ্চল আৰু চাহ বাগিচা অঞ্চলৰ সমূহত নিৰ্যাতিতা নাৰীসকলক আৰু কৃষক ৰাইজক লৈ দেৰগাঁৱ এই বানাক্ৰান্ত অঞ্চলটোত এই প্ৰতিবাদী সভাখন অনুষ্ঠিত কৰে । বিশেষকৈ সমাজৰ বৰবিহ স্বৰূপ সুৰা নিষিদ্ধৰ দাবীত সমগ্ৰ অসমত এক ব্যাপক গণ আন্দোলনৰ আৰু সজাগতা সৃষ্টি কৰি অহা মদ মুক্ত দাবী সমিতিৰ কেন্দ্রয়ী সভাপতি প্ৰবীন দাস , আছু নেতা মধুম্মৃত বৰুৱা , দেৱব্ৰত দত্ত , অনুসূচিত জাতি ছাত্র সন্থাৰ দেৰগাঁও সমিতিৰ সভাপতি দীপক দাস , টি এম পি কে ৰ গোলাঘাট জিলাৰ উপদেষ্টা প্ৰসেন লঙিং , অৱসৰপ্ৰাপ্ত শিক্ষক ৰেৱকান্ত বৰা ,বুবাই বৰা আৰু স্থানীয় ৰাইজৰ সহযোগত এই প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।

সভাত সকলো ৰাইজ সমবেত হৈ চুলাই-মদ প্ৰস্তুত কৰা প্ৰতিগৰাকী ব্যক্তিৰ ঘৰলৈ গৈ প্ৰথমে বুজনি দি চুলাই বেপাৰ বন্ধৰ চেষ্টা কৰাৰ লগতে এই ক্ষেত্ৰত চোৱা-চিতা কৰিবৰ বাবেও এখন মদ মুক্ত মহিলা সমিতি গঠন কৰা হয় । সভাত উপস্থিতি থকা শ শ পুৰুষ -মহিলাই অসমত সুৰা নিসিদ্ধ কৰনৰ সম্পৰ্কত চৰকাৰে ব্যৱস্থা গ্ৰহনৰ দাবী জনায়োৰ লগতে আবকাৰী বিভাগৰ নিৰৱতাৰ বাবে ক্ষোভ প্ৰকাশ কৰে |

সভাত মদ মুক্ত দাবী সমিতিৰ সভাপতি প্ৰবীন দাসে মুখ্য অতিথি হিচাবে অংশগ্ৰহন কৰি অসমত মদ বন্ধ কৰিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱা লগতে দেহত শেষ বিন্ধু ৰক্ত থকালৈ মদৰ বিৰুদ্ধে আপোচহীন সংগ্ৰাম অব্যাহত ৰখাৰ কথা অৱগত কৰে |

বুধবাৰে এই সভাত মদ মুক্ত দাবী সমিতিৰ গোলাঘাট জিলাৰ সভাপতি মৃদুল শৰ্মা ,সম্পাদিকা ৰিংকুমণি ৰাজখোৱা, সাংবাদিক কাজু ৰবিদাস , শিক্ষক ৰুনুমী বৰুৱা , ব্ৰজেন বৰা, আনন্দ মিলিৰ লগতে বহুকেইজন ব্যক্তিজন উপস্থিত থাকি গ্ৰামাঞ্চল আৰু চাহ বাগিচা অঞ্চলত লালিগুৰ তথা সুৰা নিসিদ্ধকৰনৰ সম্পৰ্কত ভাষন প্ৰদান কৰে । এই সভাৰ অন্তত গঠিত মহিলা সমিতিয়ে বিভিন্ন শ্ল'গান দি এক পদ যাত্ৰা কৰি অঞ্চলটোত সুৰাৰ বন্ধাৰ এক সজাগতাৰ পদক্ষেপ গ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in