নিকৃষ্ট কাণ্ড! গোলাঘাটত আইছ’লেশ্যনত থকা লোকে চিকিৎসকৰ গাত পেলালে থু, খেকাৰ…

নিকৃষ্ট কাণ্ড! গোলাঘাটত আইছ’লেশ্যনত থকা লোকে চিকিৎসকৰ গাত পেলালে থু, খেকাৰ…

ডিজিটেল ডেস্কঃ দিল্লীত নহয়, এইবাৰ এইখন অসমতে সংঘটিত হৈছে এক অবৰ্ণনীয় ঘটনা। গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত কোৰোনাত আক্ৰান্তৰ সন্দেহত আইছ'লেশ্যনত ৰখা একাংশ লোকে চিকিৎসক-চিকিৎসাকৰ্মীলৈ লক্ষ্য কৰি নিক্ষেপ কৰে থু, খেকাৰ। শুকুৰবাৰে সংঘটিত এই ঘটনাৰ পিছতে চৰম নিৰাপত্তাহীনতাত ভুগিছে চিকিৎসালয়খনৰ কৰ্মচাৰীসকল। জিলা উপায়ুক্তৰ লগতে খুমটাইৰ বিধায়ক মৃণাল হাজৰিকা গৈহে নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি।

জানিবলৈ পোৱা অনুসৰি শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হৈছিল এই ঘটনা। কোৰোনাত আক্ৰান্ত গোলাঘাট জিলাৰ লোককেইজনৰ পৰিয়ালৰ লগতে আন একাংশ লোকক গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আইছ'লেশ্যনত ৰখা হৈছে। বিভিন্ন ধৰণেৰে চিকিৎসাত নিয়োজিত লোকসকলক বাধা দিয়াৰ লগতে অবৰ্ণনীয় পৰিস্থিতিলৈ ঠেলি দিয়ে একাংশ আইছ'লেশ্যনত থকা লোকে। শুকুৰবাৰে হাস্পাতালৰ প্ৰথম মহলাত থকা একাংশ ৰোগীয়ে তলেৰে যোৱা লোকসকললৈ লক্ষ্য কৰি নিক্ষেপ কৰে থু, খেকাৰ। লগতে মুখৰ পৰা ধঁপাত উলিয়াইও মানুহৰ গাত পেলাই একাংশই।

এনে কাৰ্যত খৰ্গহস্ত হৈ গোলাঘাটৰ উপায়ুক্তগৰাকীয়ে ভিতৰলৈ সোমাই গৈ আক্ৰমণ কৰাৰ হুংকাৰ দিয়ে। লগতে এনে কাৰ্য নকৰিবলৈ আহ্বান জনাই। গোলাঘাটত সংঘটিত এই ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনোলোকেই আইছ'লেশ্যনত থকা এইসকল লোকৰ কামক সহজভাৱে ল'ব পৰা নাই। সকলো লোকে এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in