মুখ্য সচিবে দিছিল নিৰ্দেশ, বাতৰি কাকত বিতৰণত সহায় কৰক, গোলাঘাটত কিন্তু হকাৰৰ ওপৰত জপিয়াইহে পৰিল আৰক্ষী

মুখ্য সচিবে দিছিল নিৰ্দেশ, বাতৰি কাকত বিতৰণত সহায় কৰক, গোলাঘাটত কিন্তু হকাৰৰ ওপৰত জপিয়াইহে পৰিল আৰক্ষী

ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্য সচিবে ৰাইজক যাতে হকাৰসকলে সময় মতে খবৰ কাকত যোগান ধৰিব পাৰে সেই কথাত গুৰুত্ব দিবলৈ নিৰ্দেশ দিছিল। স্বয়ং প্ৰধানমন্ত্ৰীয়েও দেশবাসীক সম্বোধন কৰি ৰাইজৰ মাজত যাতে সময় মতে হকাৰসকলে খবৰ কাকত যোগান ধৰিব পাৰে সেই কথাত গুৰুত্ব দিবলৈ নিৰ্দেশ দিছিল। পিছে প্ৰধানমন্ত্ৰী তথা মুখ্য সচিবৰ নিৰ্দেশ মনাৰ বিপৰীতে হকাৰৰ ওপৰত জপিয়াইহে পৰিল গোলাঘাটৰ এগৰাকী আৰক্ষী জোৱান। "পেপাৰৰ মানুহৰ কি কোৰোনা ভাইৰাছ নালাগে নেকি?'' বুলি প্ৰশ্ন কৰি এজন হকাৰক বাতৰি দিবলৈ যাওঁতে বেত্ৰাঘাট কৰি আহত কৰে গোলাঘাটৰ এগৰাকী আৰক্ষী জোৱানে।

সমগ্ৰ দেশতে লকডাউন ঘোষণা হোৱাৰ পিছতে কঠোৰ হৈছে আৰক্ষী। লকডাউনৰ সময়ত আইন অমান্যকাৰী লোকৰ বিৰুদ্ধে কঠোৰ হৈ আৰক্ষীয়ে সজাগ হ'বলৈ আহ্বান জনাইছে। বিনা কাৰণত ঘৰৰ পৰা ওলাই গৈ আৰক্ষী-প্ৰশাসনে বান্ধি দিয়া নিয়ম অমান্য কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কেবাগৰাকী লোকক ইতিমধ্যে আটকো কৰিছে। পিছে জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকেও যিসময়ত হকাৰসকলে যাতে সময় মতে খবৰ কাকত ৰাইজক যোগান ধৰিব পাৰে তাত গুৰুত্ব দিছে সেই সময়তে এইগৰাকী আৰক্ষী জোৱানৰ এনে ব্যৱহাৰে সকলো লোকৰে মনত প্ৰশ্নৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ লাঠিচালনাৰ সন্মুখীন হোৱা যুৱকজনে বাৰম্বাৰ তেওঁ হকাৰ বুলি কোৱাৰ পিছতো আৰক্ষী জোৱানজনে "পেপাৰৰ মানুহৰ কি কোৰোনা ভাইৰাছ নালাগে নেকি?'' বুলি কৈ বহুবাৰ বেত্ৰাঘাট কৰে। যাৰ ফলত ৰাইজক বাতৰি কাকত যোগান ধৰিবলৈ যোৱাৰ পূৰ্বেও এতিয়া গোলাঘাট হকাৰসকলে বহুবাৰ ভাবিৱলগীয়া হৈছে। উল্লেখ্য যে, আৰক্ষী জোৱানগৰাকীয়ে আক্ৰমণ কৰাৰ সময়ত বহুবাৰ হকাৰগৰাকীয়ে তেওঁৰ পৰিচয় পত্ৰ দেখুৱাইছিল। আৰক্ষীৰ এনে ব্যৱহাৰত ক্ষুব্ধ হৈছে হকাৰ সন্থা। হকাৰ সন্থাই আৰক্ষী জোৱানজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে। আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে জিলা আৰক্ষী অধীক্ষকক হকাৰগৰাকীক বেত্ৰাঘাট কৰা আৰক্ষী জোৱানজনক বিৰু্দ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in