গোলাঘাটত দিন দুপৰতে দুৰ্বৃত্তই কাঢ়ি নিলে দুই লক্ষ টকা

প্ৰতীকি ফটো...
প্ৰতীকি ফটো...

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰিকাণ্ডৰ ঘটনা৷ শনিবাৰে গোলাঘাট ষ্টেট বেংকৰ সন্মুখৰ পৰা দুই হেলমেট পৰিহিত বাইক আৰোহীয়ে গোলাঘাটৰ মোস্তাফা হুছেইন নামৰ এজন ঠিকাদাৰৰ কৰ্মচাৰীৰ পৰা বেংকৰ পৰা উলিয়াই নিয়া দুই লক্ষ টকা থপিয়াই লৈ উধাও হয়৷

লক্ষণীয় কথা এইযে গোলাঘাট আৰক্ষী থানাৰ সামান্য দূৰত্বত অৱস্থিত বেংকটোৰ পৰা পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে৷ ইয়াৰ পাছতো আৰক্ষীয়ে বেংকটোৰ গ্ৰাহক সকলক নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ স্বয়ং থানা সন্মুখতে সাধাৰণ জনতাৰ নিৰাপত্তা প্ৰদান কৰিব নোৱাৰা গোলাঘাট আৰক্ষীয়ে নগৰখনৰ কি নিৰাপত্তা দিব পাৰিব তাক লৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in