গোলাঘাটৰ বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ দেহাৱসান…

গোলাঘাটৰ বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ দেহাৱসান…

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডাঃ প্ৰদীপ কুমাৰ বৰুৱাৰ মঙলবাৰে পুৱা ৫ বজাত যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷ ১৯৫০ চনৰ ৪ মাৰ্চত গোলাঘাট নগৰৰ বেঙেনাখোৱাত জন্মগ্ৰহণ কৰা প্ৰয়াত ডাঃ বৰুৱাৰ মৃত্যুত গোলাঘাটত গভীৰ শোকৰ ছাঁ পৰে৷

উল্লেখ্য যে ডাঃ বৰুৱাই ১৯৮৮ চনত গোলাঘাট কুশল কোৱঁৰ অসামৰিক চিকিৎসালয়ত শিশু বিশেষজ্ঞ হিচাপে যোগদান কৰে আৰু তেতিয়াৰ পৰাই অসামৰিক চিকিৎসালয়খনত শিশু চিকিৎসাৰ বাবে এটা সুকীয়া বিভাগ মুকলি কৰা হয়৷ মৃত্যুৰ সময়ত ডাঃ বৰুৱাই পত্নী  বিশিষ্ট সাহিত্যিক তথা গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি অপৰাজিতা বৰুৱা, দুজন পুত্ৰ, বোৱাৰীসহ বহু আত্মীয় স্বজনক এৰি গৈছে৷ তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগণন গুনমুগ্ধই গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in