১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধ, সৰ্বাত্মক প্ৰভাৱ..

১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধ, সৰ্বাত্মক প্ৰভাৱ..

ডিজিটেল সংবাদ, গোলাঘাটঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা আৰু চাৰি ছাত্ৰ নেতাক বিনাচৰ্তে মুক্তিৰ দাবীত শুক্ৰবাৰে একাংশ সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধৰ সৰ্বাত্মকৰূপত দেখিবলৈ পোৱা যায়। গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা, কৃষক মুক্তি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কৰ্মীসকলে পুৱাৰে পৰা নগৰখনৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে, ৮ জানুৱাৰীত আছুৰ লগতে ৭০ সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সময়ত গোলাঘাটৰ বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সদৌ অসম চুতীয়া ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহেন বৰা, চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ উপ–সভাপতি অসীম শইকীয়া, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুত শইকীয়া আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা ৰাজীৱ লস্কৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in