সেৱা সপ্তাহৰ লগত সংগতি ৰাখি বিজেপি গোলাঘাট জিলা সমিতিৰ উদ্যোগত ৰক্তদান শিবিৰ…

সেৱা সপ্তাহৰ লগত সংগতি ৰাখি বিজেপি গোলাঘাট জিলা সমিতিৰ উদ্যোগত ৰক্তদান শিবিৰ…

ডিজিটেল সংবাদ,গোলাঘাট : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিয়ে পালন কৰা সেৱা সপ্তাহৰ লগত সংগতি ৰাখি বুধবাৰে দলটোৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত ইয়াৰ কাৰ্যালয়ত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। শিবিৰ টোৰ শুভাৰম্ভণি কৰে বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সভাপতি দেৱপ্ৰদীপ বৰাই।গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টীৰ যুৱমৰ্চাৰ সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰৰ নেতৃত্বত প্ৰায় ৮০ গৰাকী যুৱক যুৱতীয়ে ৰক্তদান কৰে।

এই শিবিৰৰ শুভাৰম্ভণি অনুষ্ঠানত বিজেপীৰ জিলা সম্পাদক সঞ্জীৱ দাস, বিজেপি নেতা যতীন বৰা, মহিলা মৰ্চাৰ সভানেত্ৰী ৰাজশ্ৰী বৰা আদিও উপস্থিত থাকে। অন্যহাতে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা০ সুৰেণ তামুলী,ড০ ৰূপক বৰা আৰু ড০ কমলেশ্বৰ নেওগে শিবিৰত উপস্থিত থাকি ৰক্তদান প্ৰক্ৰিয়া তত্বাৱধান কৰে বুলি বিজেপিৰ গোলাঘাট জিলা সমিতিৰ মেডিয়া আহ্বায়ক ৰুবুল বৰাই জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in