গোলাঘাটত ভোট গণনাৰ ৩৬ ঘন্টা অতিক্ৰম, বিজেপি আগবাঢ়িছে গৰিষ্ঠ সংখ্যক আসনৰ দিশে

ডিজিটেল সংবাদ, গোলাঘাটঃ  বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়াই ৩৬ ঘন্টা অতিক্ৰম কৰিলে। বৰ্তমান সময়ত ৰাজ্যত বিজেপিয়েই গৰিষ্ঠ সংখ্যক আসন লাভ কৰাৰ ইংগিত পোৱা গৈছে।

শেহতীয়াভাৱে গোলাঘাট জিলাৰ জিলা পৰিষদ সমষ্টিৰ মুঠ ১৭খন আসনৰ ভিতৰত বিজেপিয়ে ৫ আৰু কংগ্ৰেছে ৩ খন আসন দখল কৰাৰ লগতে অগপই এখনো আসন দখল কৰিবলৈ সক্ষম হোৱা নাই।

ঠিক সেইদৰে গাঁও পঞ্চায়ত সভাপতিৰ ১০২ খন আসনৰ ভিতৰত বিজেপিয়ে ৩৭, কংগ্ৰেছে ৩০ আৰু অগপই ১ খন আসন দখল কৰে। আঞ্চলিক পঞ্চায়ত সদস্যৰ মুঠ ১০২খন আসনৰ ভিতৰত বিজেপিয়ে ৪০, কংগ্ৰেছে ৩১ আৰু অগপই ১২ খন আসন দখল কৰিছে।

ইয়াৰ ভিতৰত বৰ্তমান পৰ্যন্ত কোনাে এখন আসন নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে জিলাখনৰ দুই-এক ঠাইত বিক্ষিপ্ত ঘটনাৰ বাহিৰে ভোট গণনা কাৰ্য শান্তিপুৰ্ণভাৱে চলি আছে। সন্ধিয়ালৈ ভোটগণনা কাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে যদিও সঠিকভাৱে ক'ব পৰা নাযাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in