লকডাউনৰ মাজতো গোলাঘাটত বালি মাফিয়াৰ লুন্ঠন অব্যাহত

লকডাউনৰ মাজতো গোলাঘাটত বালি মাফিয়াৰ লুন্ঠন অব্যাহত

ডিজিটেল ডেস্কঃ ৰাজ্যত এফালৰ পৰা ৰ্নিবিচাৰে চলিছে বন ধ্বংসৰ অভিযান। চোৰাং কাঠ, কয়লাৰ সমান্তৰালভাৱে লকডাউনৰ সময়চোৱাত গোলাঘাটত মুকলিকৈ চলিছে বালিৰ চোৰাং বেহা। চোৰাং বালি মাফিয়াই বন বিভাগৰ লোকৰ সৈতে মিলি লকডাউনৰ সময়ত দৈগ্ৰোং নদীত ব্যাপক হাৰত চলাই আছে বালিৰ খনন।

স্থানীয় লোকৰ মতে, বন বিভাগৰ লোকৰ পৃষ্ঠপোষকতাতে চলা বালি মাফিয়াৰ এই খননৰ ফলত দৈগ্ৰোং নদীকনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে। প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, চোৰাং বালি মাফিয়াৰ এইদৰে অবৈধ বালি খননৰ ফলত নদীখনৰ প্ৰতি ভাবুকি আহিছে।

তেওঁ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক বিষয়টো হস্তক্ষেপ কৰি ব্যৱস্থাগ্ৰহণৰ বাবে দাবী জনায়। কিদৰে নদীখনৰ পাৰত গাঁত খান্দি বালি খনন কৰিছে সেয়া বনমন্ত্ৰীক নিজে প্ৰত্যক্ষ কৰিবলৈ উক্ত স্থান ভ্ৰমণৰ দাবী তোলে।

কেৱল এইখন নদীয়ে নহয়, গোলাঘাটৰ কেইবাখনো নদীত চোৰাঙকৈ মাফিয়াই চলাই আছে বালি খনন। টি পি নথকাকৈ বালিসমূহ সৰবৰাহ কৰে এই বন মাফিয়াসকলে।গোলাঘাটৰ ডি এফ অ, ৰেঞ্জাৰ, বিট অফিচাৰক মেনেজ কৰি চলি আছে এই চোৰাং বালি বেহা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in