গোলাঘাটৰ থুৰামুখত বিষাক্ত সুৰা সেৱন কৰি পুনৰ এজনৰ মৃত্য

গোলাঘাটৰ থুৰামুখত বিষাক্ত সুৰা সেৱন কৰি পুনৰ এজনৰ মৃত্য

ডিজিটেল সংবাদ, গোলাঘাটঃ পুনৰ বিষাক্ত চুলাই মদ সেৱন কৰি গোলাঘাটত প্ৰাণ হেৰুৱালে এজন লোকে। এইবাৰ গোলাঘাট জিলাৰ থুৰামুখৰ চৰিয়াখাতত বিষাক্ত সুৰা সেৱন কৰি কৰুণ মৃত্যুক আঁকোৱালি ললে পাপু ভূমিজ নামৰ এজন লোকে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি ঘৰৰ পৰা ওলাই গৈ চুলাই মদ সেৱন কৰি অহাৰ পিছতে পাপু ভূমিজৰ বমি আৰু উশাহ নিশাহ বন্ধ হৈ পৰে আৰু কিছু সময়ৰ পিছতে মৃত্যুক সাবটি লয়।

গোলাঘাট আৰু যোৰহাট জিলাত কালৰূপী বিষাক্ত চুলাই মদ খাই ডেৰ শতাধিক লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ এসপ্তাহ নহওঁতেই পুনৰ গোলাঘাট জিলাত তিনিদিনত প্ৰাণ হেৰুৱালে চাৰিজন লোকে। নুমলীগড়ৰ মৰঙি পানীকৰা গাঁৱৰ পিছত এইবাৰ থুৰামুখ অঞ্চলৰ চৰিয়াখাতত প্ৰাণ হেৰুৱালে এজনে।

এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে, বৰ্তমানেও গোলাঘাট জিলাত ব্যাপক হাৰে প্ৰচলন হৈয়েই আছে কালৰূপী চুলাই মদ। জিলা প্ৰশাসন বা আবকাৰী বিভাগে জিলাখনৰ ঠায়ে ঠায়ে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাইয়ে চমক দিবলৈ চেষ্টা কৰিছে যদিও এতিয়াও সম্পূৰ্ণ ৰূপে নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই গোলাঘাট জিলা প্ৰশাসন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in