গোলাঘাটত বিষাক্ত সুৰা খাই অসুস্থ লোক সন্ধানহীন

গোলাঘাটত বিষাক্ত সুৰা খাই অসুস্থ লোক সন্ধানহীন
  • নুমলীগড়ৰ মৰঙি পানীকৰা গাঁৱত অঘটন।
  • বিষাক্ত সুৰা খাই অসুস্থ হোৱা এজন লোক সন্ধানহীন।
  • লোকজনৰ নাম দীপক ৰাজবংশী।
  • সুৰা খাই অসুস্থ হৈছিল লোকজন।
  • তাৰ পিছতে চিকিৎসাৰ বাবে গোলাঘাটলৈ গৈছিল তেওঁ।
  • সোমবাৰে সন্ধিয়া ৫ বজাত গোলাঘাটলৈ গৈছিল লোকজন।
  • সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে লোকজন।
  • গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰিছিল লোকজনে।
  • তাৰ পিছতে চিকিৎসালয়ৰ পৰা ঘূৰিছিল ঘৰলৈ।
  • ঘৰলৈ উভতাৰ পথতে গোলাঘাটৰ পানী টেংকী নামৰ অঞ্চলৰপৰা সন্ধানহীন হয় দীপক ৰাজবংশী।
  • লোকজন সন্ধানহীন হোৱাৰ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে গোলাঘাট আৰক্ষী থানাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in