বান শুকাল, চকুপানী নুশুকালঃ গোলাঘাটত বানাক্ৰান্তৰ হাহাকাৰ

বান শুকাল, চকুপানী নুশুকালঃ গোলাঘাটত বানাক্ৰান্তৰ হাহাকাৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ নীপকোৰ দায়িত্বহীনতাৰ বাবে সংহাৰী বানৰ কবলত পৰা গোলাঘাটৰ মৰঙী মৌজাত এতিয়া বানপীড়িত ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ।

বানৰ পিছত পানী শুকাইছে যদিও বানাক্ৰান্ত গাওঁসমূহত বাস কৰাৰ উপযুক্ত পৰিৱেশ এতিয়াও সৃষ্টি হোৱা নাই। বলিয়া বানে সপোনৰ ঘৰখন পলকতে উটুৱাই নিয়াৰ পিছত এতিয়া মুকলি আকাশৰ তলতে দিন কটাবলৈ বাধ্য হৈ পৰিছে বহু লোক।

দৈয়াং জলবিদ্যুৎ প্ৰকল্পত নীপকোৱে দৈয়াং আৰু ধনশিৰি নৈৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ ১১৬খন গাওঁৰ প্ৰায় এক লাখ পৰিয়ালৰ বিস্তৰ ক্ষতি-সাধন হয়৷

ভয়াৱহ বানত অধিক ক্ষতিগ্ৰস্ত হৈছে জিলাখনৰ ৩নং ভোলাগুৰি গাঁওখন। বানত গাঁওবাসীয়ে হেৰুৱাবলগীয়া হয় মাত্ৰ ১৯ দিন পূৰ্বে লাভ কৰা যোগাযোগৰ একমাত্ৰ সম্বল কাঠৰ দলংখন। কৃষিপ্ৰধান গাঁওখনৰ লোকসকলে বাৰীৰ তামোল, পাণ, নেমু, জলকীয়া, কল, বিভিন্ন শাক-পাচলি আদিও ধনশিৰিৰ বানে নষ্ট কৰে।

গাঁওখনৰ প্ৰায় ৭০ বিঘা কুঁহিয়াৰ খেতি আৰু চাহ খেতিও সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে। বালি আৰু পলসে পুতি পেলাইছে বহু কৃষকৰ বাসগৃহ। ইয়াৰ লগতে ভূতৰ ওপৰত দানহৰ দৰে গাঁওখনত বানৰ পিছত দেখা দিছে বহু ন-ন সমস্যাই। গাঁওখনত দুৰ্গন্ধময় হৈ পৰাৰ লগতে বিষাক্ত সাপৰ  সংখ্যা পূৰ্বতকৈ অধিক হৈ পৰা দেখা গৈছে।

এনে পৰিপ্ৰেক্ষিতত বানত সৰ্বশ্ৰান্ত পৰিয়ালসমূহে অনাগত সময়ছোৱাত পৰিয়াল পোহ-পাল দিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব সেই লৈ চিন্তিত হৈ পৰিছে৷ তালৈ চাই বানত সকলো হেৰুওৱা লোকসকলক শীঘ্ৰে উপযুক্ত ক্ষতিপূৰণ দিবলৈ প্ৰশাসনক দাবী জনাইছে জিলাবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in