গহপুৰ ছোৱালী হাইস্কুলত বৃত্তি প্ৰদান অনুষ্ঠান

গহপুৰ ছোৱালী হাইস্কুলত বৃত্তি প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ, গহপুৰঃ নৰ্থ-ইষ্ট ৰিজিয়নেল ইনষ্টিটিউট ফৰ টেলেন্ট চাৰ্চ (নেৰিষ্ট)ৰ তৰফৰপৰা গহপুৰ ছোৱালী হাইস্কুলত সোমবাৰে এক বৃত্তি প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

দ্বিতীয় মানৰপৰা পঞ্চম মান শ্ৰেণীৰ ১২৬জন ছাত্ৰ-ছাত্ৰীয়ে ১৫০টকাৰ পৰা ৫৫০০ টকা লাভ কৰে। প্ৰত্যেকজন শিক্ষাৰ্থীক একোখনকৈ মানপত্ৰও প্ৰদান কৰে। বিদ্যালয়সমূহৰ প্ৰধান সকলকো এখনি ফুলাম গামোচা আৰু মানপত্ৰ প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in