কোভিড পৰিস্থিতিৰ বাবে ২১ দিন ধৰি গহপুৰত আবদ্ধ পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৫ জনীয়া শিক্ষাৰ্থীৰ দল

কোভিড পৰিস্থিতিৰ বাবে  ২১ দিন ধৰি গহপুৰত আবদ্ধ পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ৫ জনীয়া শিক্ষাৰ্থীৰ দল

   কোভিড পৰিস্থিতিৰ বাবে ২১ দিন ধৰি গহপুৰত আবদ্ধ পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ৫ জনীয়া শিক্ষাৰ্থীৰ দল

ডিজিটেল সংবাদ,ছয়দুৱাৰ : তামিলনাডুৰ পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ৫ গৰাকীকৈ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ইন্টাৰ্নচিপ কৰিবলৈ অসমলৈ আহি গহপুৰত বিগত ২১ দিনে আবদ্ধ হৈ থাকিব লগা হৈছে। জানিব পৰা মতে গহপুৰ মহকুমাৰ অন্তৰ্গত  ব্ৰহ্মাজান ৰাঙলীয়ালৰ এগৰাকী সহপাঠীৰ সৈতে যোৱা এপ্ৰিল মাহৰ ১৮ তাৰিখে অসমলৈ আহিছিল মুঠ ছয়গৰাকী ছাত্ৰ ছাত্ৰী। ব্ৰহ্মাজান ৰাঙলীয়ান  নিৱাসী প্ৰতিষ্ঠিত ব্যৱসায়ী মহিম দাসৰ কন্যা তথা পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চচিয়েল ওৰ্ৱাকাৰ বিষয়ৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰী পৰিশ্মা দাসৰ লগত তেজপুৰ অসামৰিক মানসিক চিকিৎসালয়লৈ ইৰ্ণ্টানছিপৰ বাবে আহিছিল পণ্ডিচেৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী কেইগৰাকী।

উক্ত ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত পৰিশ্মা দাসৰ ঘৰ গহপুৰৰ ব্ৰহ্মাজান ৰাঙলীয়ালত  হোৱাৰ বিপৰীতে ছাত্ৰী চাৰ'ণ ৰেনল্ড, ছাত্ৰদ্বয় শ্যাম কুমাৰ, জীয়াদ ৰেহমানৰ ঘৰ কেৰেলাত, আব্দুল জেচীমৰ ঘৰ লক্ষ্যদ্বীপত হোৱাৰ লগতে ছাত্ৰী লভিকা কিন্নিমীৰ ঘৰ নগালেণ্ডৰ ডিমাপুৰত। ইন্টাৰ্নচিপ কৰিবলৈ অসমৰ তেজপুৰলৈ বুলি অহা বহিঃ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী কেইগৰাকীয়ে কভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আন্তঃ জিলা যাতায়াত বন্ধ কৰাৰ ফলত তেজপুৰতে আবদ্ধ হৈ পৰে। ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ থকা-খোৱাৰ অসুবিধা হোৱাৰ পৰিপ্ৰেক্ষিত গহপুৰ ব্ৰহ্মাজানৰ সহপাঠী পৰিশ্মা দাসে ব্ৰহ্মাজান ৰাঙলীয়ালৰ নিজ গৃহলৈ বুলি যোৱা ১৮ মে'ত  লৈ আহি আশ্ৰয় প্ৰদান কৰাৰ ব্যৱস্থা কৰে। বৰ্তমানলৈকে গহপুৰৰ ব্ৰহ্মাজান ৰাঙলীয়ালৰ মহিম দাসৰ গৃহতে আশ্ৰয় গ্ৰহণ কৰি থকা বহিঃৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলে স্ব-গৃহলৈ ঘুৰি যোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ ভিতৰত কেৰেলাৰ চাৰ'ণ ৰেনল্ডে উচ্চ শিক্ষা গ্ৰহণৰ বাবে লণ্ডনৰ এখন শিক্ষানুষ্ঠানত নামভৰ্তীৰ বাবে যোৱাটো অতিকৈ প্ৰয়োজনীয় আছিল।

কোভিড পৰিস্থিতিৰ বাবে আন্তঃজিলা যাতায়াত বন্ধ হৈ পৰাৰ ফলতেই গহপুৰত বৰ্তমান আবদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট বিমোৰত পৰিছে। ইফালে লণ্ডনত যথা সময়ত গৈ উপস্থিত হ'ব নোৱাৰিলে কেৰেলাৰ ছাত্ৰী চাৰ'ণ ৰেনল্ডৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনাই অধিক হৈ পৰিছে। ছাত্ৰ-ছাত্ৰী কেইগৰাকীক নিজ গৃহলৈ যোৱাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু বিশ্বনাথ জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে গহপুৰৰ বৌদ্ধিক মহলে। ইপিনে,উক্ত শিক্ষাৰ্থী কেইগৰাকীক নিজৰ সন্তানৰ দৰে আদৰ-মৰম কৰিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰা বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত মহিম দাসে কয় যে যিহেতু তেওঁলোকৰ ভিতৰৰ কেইজনমানৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে নাম ভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে তেনেক্ষেত্ৰত তেওঁলোকক স্বগৃহলৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিলে তেওঁলোকৰ সুবিধা হ'ব। ইপিনে ছাত্ৰ-ছাত্ৰীকেইগৰাকীৰ সহপাঠী পৰিশ্মা দাসৰ পৰিয়ালটোৰ আদৰ-মৰম আৰু আতিথ্যত তেওঁলোক অভিভূত হৈ পৰা বুলি সংবাদ মাধ্যমৰ আগত তেওঁলোকে নিজা অনুভৱ ব্যক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in