গহপুৰত তীব্ৰবেগী ট্ৰাকে মাৰিলে মেজিকত খুন্দা, নিহত ৪জনকৈ লোক… VIDEO

গহপুৰত তীব্ৰবেগী ট্ৰাকে মাৰিলে মেজিকত খুন্দা, নিহত ৪জনকৈ লোক… VIDEO

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ মহকুমাৰ হাৱাজান আৰক্ষী চকীৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু মেজিকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত বৰ্তমানলৈ নিহত ৪ জনকৈ লোক। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি মেজিকখন গৈ থকা অৱস্থাতে আকস্মিকভাৱে সন্মুখৰ পৰা এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মৰাৰ ফলত দ' খাৱৈত বাগৰি পৰে বাহন দুখন।

দুৰ্ঘটনাত আহত ব্যক্তিসকলক গহপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বৰ্তমান লৈকে চাৰিজনকৈ লোকক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইফালে, মেজিকখনৰ আন বহু কেইজন যাত্ৰী গুৰতৰ ভাৱে আহত হয় এই দুৰ্ঘটনাত।

আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গুনমাই গগৈ নামৰ মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে তেজপুৰৰ টুমকি চিকিৎসালয়ললৈ প্ৰেৰণ কৰা হয়। আহত কেইবাজনকো উন্নত চিকিৎসাৰ বাবে অন্যান্য চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে।

দুৰ্ঘটনাত মৃত্যু হোৱা লোক কেইজন ক্ৰমে- চন্দ কুটুম(৫৫), সত্যবান কুটুম(২৫), ব্ৰজেন বৰা(২৩) আৰু সাবিত্ৰী গগৈ(৫০) ।লগতে মৃত ব্যক্তি সকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে গহপুৰ আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in