গহপুৰ নগৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা ( নগৰাঞ্চল)ৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

গহপুৰ নগৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা ( নগৰাঞ্চল)ৰ গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ শাসকীয় বিজেপি চৰকাৰে নগৰাঞ্চলত বসৱাস কৰা দৰিদ্ৰ জনসাধৰণৰ বাবে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ দেওবাৰে গহপুৰ নগৰত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিধায়ক উৎপল বৰাই ৷ গহপুৰ নগৰ সমিতিৰ অধীনস্থ ৬ টা ৱাৰ্ডৰ ছয়গৰাকী হিতাধিকাৰীৰ বাসগৃহ চৌহদত মাংগলিক নিয়মৰ মাজেৰে আনুষ্ঠানিকভাবে বিধায়ক বৰাই গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰে ৷ এই উপলক্ষে গহপুৰ নগৰৰ ৬নং ৱাৰ্ডৰ বাসিন্দা তথা উক্ত আঁচনি খনৰ হিতাধিকাৰী জানুকা দেৱীৰ নামত আৱন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভৰ পিছতে দেৱীৰ চোতালত অনুষ্ঠিত এখন সভা সম্বোধন কৰে বিধায়ক উৎপল বৰাই ৷

গহপুৰ নগৰ সমিতিৰ চেয়াৰমেন লীনা শইকীয়া বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত ভাষণ প্ৰদান কৰি বিধায়ক উৎপল বৰাই কয় যে গহপুৰ নগৰ সমিতিৰ এলেকাত প্ৰথম পৰ্য্যায়ত ৫৪৩ টা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মান কৰা হব ৷ দুই লাখ পইত্ৰিশ হেজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া চৰকাৰী গৃহ সমুহৰ আৱন্টিত ধনৰাশি তিনিটা কিস্তিত হিতাধিকাৰী সকলৰ একাউন্টত দিয়া হব ৷ সম্পূৰ্ণ চৰকাৰী নিয়ম অনুসৰি নিৰ্মাণ হবলগীয়া গৃহ সমুহৰ ক্ষেত্ৰত যদি নিয়ম উলংঘা কৰা হয় কিম্বা দুৰ্নীতি সংঘটিত হয়, তেন্তে ইয়াৰ বাবে শাস্তি মুৰ পাতি লব লাগিব বুলি সকীয়নি প্ৰদান কৰে বিধায়ক বৰাই ৷

অনাময় আঁচনিৰ জৰিয়তে ৪৪৫ টা শৌচালয় গহপুৰ নগৰ সমিতি এলেকাৰ হিতাধিকাৰীলৈ আগবঢ়োৱা হৈছে বুলি সভাত সদৰি কৰি বিধায়ক গৰাকীয়ে পুনৰ উল্লেখ কৰে যে, গহপুৰ নগৰ সমিতিৰ তৰফৰ পৰা বৰপুখুৰীৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ১ কোটি টকা আৰু নগৰ এলেকাৰ বাট পথ উন্নয়ণৰ বাবে এক কোটি দুই লাখ টকা আৱন্টন দিয়া হৈছে ৷ তদুপৰি বিধায়ক পুঁজিৰ পৰাও নগৰখনৰ পথ নিৰ্মাণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ স্বচ্ছ ভাৰত অভিযানৰ অভিযন্তা ভাৰ্গৱ বৰা, কনিষ্ঠ অভিযন্তা মতিলাল মিলি, নগৰ সমিতিৰ কম্পিউটাৰ সহযোগী ৰাজীৱ শইকীয়া, বিজেপি নেতা নোমল বৰুৱা, গহপুৰ নগৰ সমিতিৰ পদেন সদস্য জীৱন বৰকটকীকে ধৰি নগৰ সমিতি খনৰ ৱাৰ্ড সদস্যা দেৱবালা বৰকটকী হাজৰিকা উপস্হিত থকা সভাখনত বিধায়ক উৎপল বৰাই পঞ্চায়ত নিৰ্বাচনৰ দৰেই নগৰ সমিতিতো আটাইকেইটা ৱাৰ্ডত বিজেপি দলৰ সদস্য জয়যুক্ত হব লাগিব বুলি মন্তব্য কৰে ৷

একেদৰে ৬ টা ৱাৰ্ডতে পৃথকে পৃথকে বিধায়ক গৰাকীয়ে হিতাধিকাৰী ক্ৰমে ৰঞ্জন চৰকাৰ, ৰাম চন্দ্ৰ গগৈ, মঞ্জু দাস, লৰেঞ্জ খাৰৈয়াৰ আৱাসগৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰে ৷ গহপুৰ নগৰ সমিতিৰ চেয়াৰমেন লীনা শইকীয়া বৰাই সংগ প্ৰদান কৰা আটাইকেইটা গৃহ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ অনুষ্ঠানত নিজ নিজ ৱাৰ্ডত সদস্য ক্ৰমে দোলন বৰা, পদ্মেশ্বৰ বৰুৱা, দেৱবালা বৰকটকী হাজৰিকা, অতুল বৰা আদি উপস্হিত থাকে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in