পখিলা খেদাৰ বয়সত বৃক্কৰ জটিল ৰোগত আক্ৰান্ত গহপুৰৰ দৰিদ্ৰ পৰিয়ালৰ কণমাণি কুঁহি…

পখিলা খেদাৰ বয়সত বৃক্কৰ জটিল ৰোগত আক্ৰান্ত গহপুৰৰ দৰিদ্ৰ পৰিয়ালৰ কণমাণি কুঁহি…

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ এখোজ-দুখোজকৈ থুনুক-থানাক মাতেৰে ওমলি-জামলি থকা এটি নিষ্পাপ মৰমলগা শিশু। বয়স মাত্ৰ আঢ়ৈ বছৰ। জীৱন যাত্ৰাৰ আওভাও একোৱেই বুজি নোপোৱা দুৰ্ভগীয়া শিশুটিয়ে এই ফুলকুমলীয়া বয়সত হেৰুৱাই পেলাইছে মুখৰ কলকলনি। হাঁহি-ফূৰ্তি ইত্যাদি। পখিলা খেদাৰ এই বয়সত ইকোলা-সিকোলাকৈ ডাঙৰ-দীঘল হৈ জীৱনৰ মধু পান কৰিবলৈ আগবঢ়া এই দুৰ্ভগীয়া শিশুটি এক জটিল ৰোগত আক্ৰান্ত হৈ মাত্ৰ আঢ়ৈ বছৰ বয়সতে এক জটিল পৰিস্থিতিৰ মাজত সোমাই পৰিবলগীয়া হৈছে।

গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত ধোপাবৰ কটকীচুক গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ আঢ়ৈ বছৰীয়া কণমানিটিয়ে সম্প্ৰতি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ পিতৃ-মাতৃৰ আৰ্থিক সংকটৰ বাবে সুচিকিৎসাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে। উল্লেখ্য যে, উক্ত গাঁওখনৰ বিতোপন বৰা আৰু হেমপ্ৰভা বৰাৰ আঢ়ৈ বছৰীয়া কন্যা সন্তান কুঁহি বিগত প্ৰায় তিনি মাহৰ পৰা মুখ আৰু ভৰি ফুলি উঠাৰ বাবে অসুস্থ হৈ পৰে। মালবাহী গাড়ীত শ্ৰমিকৰ কাম কৰি  অভাৱ- অনাটনৰ মাজেৰে কোনোমতে পৰিয়ালটো পোহপাল দি অহা বিতোপন বৰাই অসুস্থ কুঁহিক গহপুৰৰ এগৰাকী বিশেষজ্ঞ (শিশু) চিকিৎসকৰ ওচৰলৈ নি যাবতীয় চিকিৎসা প্ৰদান কৰে যদিও কুঁহিৰ অৱস্থাৰ বিশেষ পৰিবৰ্তন নহ'ল।

শেহতীয়াকৈ কণমানিজনীৰ পেট ফুলি যোৱাৰ লগতে প্ৰসাৱৰ অসুবিধা হোৱাত গহপুৰৰ জ্যেষ্ঠ চিকিৎসক ডা: অৱণী ৰয়ৰ ওচৰলৈ চিকিৎসাৰ বাবে লৈ যায়। চিকিৎসকে কুঁহিৰ যাবতীয় পৰীক্ষা-নিৰীক্ষা কৰাত বৃক্কৰ জটিল ৰোগ হোৱা বুলি ধৰা পৰে। এই ক্ষেত্রত চিকিৎসক গৰাকীয়ে কুঁহিৰ উন্নত চিকিৎসাৰ প্ৰয়োজন আছে বুলি কৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ নেফ্ৰলজি বিভাগত চিকিৎসা কৰোৱাৰ পৰামৰ্শ আগবঢ়ায়। কুঁহিৰ এনে অৱস্থাৰ কথা জানিব পাৰি এতিয়া মূৰে- কপালে হাত দিব লগা হৈছে দৰিদ্ৰ পৰিয়ালটোৱে।

আনৰ মালবাহী গাড়ীত দৈনিক শ্ৰম কৰি কোনোমতে পৰিয়ালটো চলাই থকা কুঁহিৰ পিতৃয়ে এতিয়া অৰ্থৰ অভাৱত কুঁহিক গুৱাহাটীলৈ নিবলৈ সমৰ্থ নোহোৱাত কণমানিজনীৰ ভবিষ্যতক লৈ শংকিত হৈ পৰিছে। এনে ক্ষেত্ৰত চৰকাৰৰ লগতে ৰাইজৰ পৰা আৰ্থিক সাহায্য ভিক্ষা কৰাৰ বাহিৰে পৰিয়ালটোৰ আন উপায় নোহোৱা হৈছে। সেয়েহে কুঁহিৰ অসহায় দৰিদ্ৰ পিতৃ- মাতৃয়ে কুঁহিৰ উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰৰ মুখ্য মন্ত্ৰী,  স্বাস্থ্য মন্ত্ৰী আৰু স্থানীয় বিধায়কৰ লগতে ৰাইজৰ পৰা আৰ্থিক সাহায্য বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছে।

এই ক্ষেত্রত কোনো সদাশয় ব্যক্তি তথা দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে কণমানিজনীৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ ইচ্ছা কৰিলে কুঁহিৰ মাতৃ হেমপ্ৰভা বৰাৰ নামত অসম গ্ৰামীন বিকাশ বেংকৰ বৰঙাবাৰী শাখাত থকা ৭০২৮০২৬০০৫১৭৯ (আই এফ এছ চি PUNB0RRBAGB) নম্বৰৰ একাউন্টত সাহায্যৰ ধন জমা দিব পাৰিব। লগতে প্ৰয়োজন সাপেক্ষে ম'বাইল নম্বৰ ৮৮১২০৭৮৭৮৫ ৰ জৰিয়তে পৰিয়ালটোৰ লগত যোগাযোগ কৰিব পাৰিব। কণমানি কুঁহিৰ দৰিদ্ৰ তথা অসহায় পিতৃ- মাতৃয়ে এই ক্ষেত্রত চৰকাৰী পক্ষৰ লগতে ৰাইজৰ পৰা সঁহাৰি লাভৰ গভীৰ আশাৰে বাট চাই ৰৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in