গহপুৰৰ বাগিছাই বাগিছাই দেৱালীৰ নামত জুৱা খেল, নিৰ্বিকাৰ প্ৰশাসন

গহপুৰৰ বাগিছাই বাগিছাই দেৱালীৰ নামত জুৱা খেল, নিৰ্বিকাৰ প্ৰশাসন

ডিজিটেল সংবাদ,উত্তৰ অসমঃ দেৱালীৰ গইনা লৈ গহপুৰ মহকুমাৰ একাংশ বাগিছাত ঝান্দি মুণ্ডাকে অন্যান্য জুৱা খেলৰ মুকলি প্ৰয়োভৰে সচেতন মহলৰ চকু কপালত তুলিছে। সন্ধ্যা হোৱাৰ লগে লগে মহকুমাটোৰ ঘাহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ডফলাগড়, ব্ৰহ্মাজান চাহ বাগিচাত দৃষ্টিকটুভাবে মুকলি জুৱা খেল আৰম্ভ হয়।

সেইদৰে হেলেম আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈ চাহ বাগিছাতো এইকেইদিন নিশা ঝাণ্ডি মুণ্ডা জুৱা খেল অব্যাহত আছে।ফলত সামাজিক পৰিবেশ বিনষ্ট হোৱাৰ লগতে সৰ্বস্বান্ত হৈছে একাংশ খাটিখোৱা লোক। ইপিনে গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নয়া ঘগৰা চাহ বাগিচাতো জুৱা খেল বহুৱাইছিল যদিও যোৱা নিশা গহপুৰ আৰক্ষীয়ে বন্ধ কৰে এই খেল।

পুৰুপবাৰী চাহ বাগিছাতো আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি নিশা ঝাণ্ডি মুণ্ডা খেল চলাই আছে। নয়া ঘগৰা চাহ বাগিছাত আজি নিশা জুৱা খেল বহুৱাবলৈ কৌশল চলাই আছে একাংশ জুৱা মাফিয়াই। জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশৰ পিছতো কাৰ আৰ্শীবাদত গহপুৰ মহকুমাত ঝান্দি মুণ্ডা, লাকী চেভেন, চকৰী ধৰি অন্যান্য জুৱা খেল চলি আছে সেইটো ৰহস্যজনক। উল্লেখ্য যে গহপুৰ নগৰ সমিতিৰ এলেকাৰ অন্তর্গত গহপুৰ সাপ্তাহিক দেওবৰীয়া বজাৰতো প্ৰতি দেওবাৰে কেইবাখনো ঝান্দি মুণ্ডা খেল, চকৰি খেল বহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in