গহপুৰৰ ঘাঁহিগাঁৱত কেইবা কোটিটকীয়া ষ্টেডিয়ামৰ গৃহৰ কামৰ শুভাৰম্ভ

গহপুৰৰ ঘাঁহিগাঁৱত কেইবা কোটিটকীয়া ষ্টেডিয়ামৰ গৃহৰ কামৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ অসম চৰকাৰৰ অভিলাষী ছিগনেছাৰ (Signature) আঁচনিৰ অধীনত গহপুৰ সমষ্টিৰ ঘাঁহিগাঁও মিনি ষ্টেডিয়ামৰ অত্যাধুনিক গৃহৰ দেওবাৰে খুঁটা পোতা অনুষ্ঠান সম্পন্ন হৈ যায়। বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ সেৱিকা তথা উদ্যোগপতি উদয় আদিত্য গোস্বামীৰ মাতৃ স্বৰ্ণপ্ৰভা গোস্বামীয়ে। নাৰিকল ভাঙি আঁচনিৰ কামৰ শুভাৰম্ভ কৰে ছয়দুৱাৰ ক্ৰীড়া সন্থাৰ সভাপতি সিধেশ্বৰ হাজৰিকাই। যুৱ প্ৰজন্ম তথা ক্ৰীড়া অনুৰাগী ৰাইজৰ বাবে এখন উন্নত মানদণ্ডৰ ষ্টেডিয়াম দুবছৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি কয় ক্ৰীড়া সংগঠক হাজৰিকাই।

উল্লেখ্য যে, অসমৰ গ্ৰাম্যাঞ্চলৰ লগতে মফচলীয় চহৰসমূহৰ প্ৰতিভাশালী খেলুৱৈসকলক প্ৰতিভা বিকাশৰ সুযোগ দিয়াৰ লগতে নৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ছিগনেছাৰ শীৰ্ষক অভিলাষী আঁচনিখনৰ অধীনত গহপুৰৰ ঘাঁহিগাঁৱত কেবাটাও পৰ্যায়ত প্ৰায় ৫০ কোটি টকীয়া এই বৃহৎ ক্ৰীড়া প্ৰকল্পৰ প্ৰাৰম্ভিক আঁচনিৰ দেওবাৰে আৰম্ভ কৰা হয়। অনুষ্ঠানটোত ক্ৰীড়া গড়কাপ্তানি বিভাগৰ বিভিন্ন বিষয়াৰ লগতে নিৰ্মাণকাৰী সংস্থাৰ প্ৰতিনিধি আৰু বহুসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে।

ইয়াৰ প্ৰথম অংশ হিচাপে ১০ কোটি টকাৰ ব্যয় সাপেক্ষে আন্তঃগাঠনি কাম হ'ব। উক্ত অনুষ্ঠানত ক্ৰীড়া সন্থাৰ উপ-সভাপতি ৰাম প্ৰসন্ন শৰ্মা, সম্পাদক ৰূপম ৰাজখোৱা, শোভন শইকীয়া, বিজেপি নেতা জয়ন্ত গোস্বামী, নীৰণ হাজৰিকা, কল্যাণপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লখিমী বৰদলৈকে ধৰি বহু সংখ্যক ক্ৰীড়া অনুৰাগী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in