দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ী, গহপুৰত প্ৰতিবাদ

দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ী, গহপুৰত প্ৰতিবাদ
  • নিশা গহপুৰৰ পুৰুপবাৰীত গুলীচালনাৰ ঘটনা।
  • অচিনাক্ত দুৰ্বৃত্তৰ গুলীত আহত হৈছিল গেলামালৰ দোকানী যোগিন্দৰ শ্বাহ ।
  • ঘটনাক কেন্দ্ৰকৰি গহপুৰত ব্যৱসায়ীসকলৰ প্ৰতিবাদ।
  • সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত ব্যৱসায়ীসকলৰ।
  • দোষীক শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী ব্যৱসায়ীসকলৰ।
  • নিশা প্ৰায় ৯.০৩ বজাত সংঘটিত হৈছিল এই ঘটনা।
  • নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি স্কুটিৰে প্ৰাঞ্জল নগৰৰ নিজগৃহলৈ আহি থকা অৱস্থাত সংঘটিত হৈছিল এই ঘটনা।
  • বাটত আগচি ধৰি অচিনাক্ত দুৰ্বৃত্তই স্কুটিখনৰ চাবি কাঢ়ি নিবলৈ ব্যৱসায়ীজনে বাধা দিছিল।
  • ব্যৱসায়ীজনে বাধা দিয়াত দুজাঁই গুলীৰে ব্যৱসায়ীজনক আক্ৰমণ কৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিছিল দুৰ্বৃত্তদ্বয়।
  • বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ব্যৱসায়ীজন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in