ভুৱা পৰিচয়ৰে ইছলাম ধৰ্মাৱলম্বী মুছলমান যুৱকে ইতিহাস প্ৰসিদ্ধ দেৱালয়ত হিন্দু যুৱতীক বিয়া পতাৰ ঘটনাঃ গহপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল দিলীপ নাথৰ

ভুৱা পৰিচয়ৰে ইছলাম ধৰ্মাৱলম্বী মুছলমান যুৱকে ইতিহাস প্ৰসিদ্ধ দেৱালয়ত হিন্দু যুৱতীক বিয়া পতাৰ ঘটনাঃ গহপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল দিলীপ নাথৰ

ডিজিটেল সংবাদ ছয়দুৱাৰ: ইছলাম ধৰ্মাৱলম্বী মুছলমান সম্প্ৰদায়ৰ এজন যুৱকে ভুৱা পৰিচয় দি এগৰাকী হিন্দু যুৱতীক গহপুৰৰ এটা ইতিহাস প্ৰসিদ্ধ দেৱালয়ৰ পুৰোহিতৰ দ্বাৰা মন্দিৰটোত বিবাহ কাৰ্য্য সম্পাদন কৰোৱাৰ দৰে সংঘটিত হোৱা স্পৰ্শকাতৰ ঘটনাটোক লৈ আজিও ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে গহপুৰ মহকুমাৰ লগতে সমগ্ৰ উত্তৰ অসমত।এই বিষয়ে অসমীয়া প্ৰতিদিনৰ যোৱা ৩১ আগষ্টৰ সংখ্যাত "ভুৱা পৰিচয়ৰে গহপুৰৰ প্ৰসিদ্ধ মন্দিৰত বিয়া পাতিলে হিন্দু যুৱতীক", "শোণিতপুৰত ইছলাম ধৰ্মাৱলম্বী যুৱকৰ কাৰ্য্যত প্ৰতিক্ৰিয়া" শিৰোনামাৰে এক তথ্য সমৃদ্ধ বাতৰি প্ৰকাশ পাই গৈছে।এই সংক্ৰান্তত উথাপন হোৱা অভিযোগ অনুসৰি, শোণিতপুৰ জিলাৰ বৰছলা বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলী আৰক্ষী থানাৰ এলেকাধীন দুই নং ৰঙাগড়া গাঁৱৰ জবেদ আলীয়ে (৪০) প্ৰায় ৪ বছৰ পুৰ্বে ঢেকীয়াজুলী বিধান সভা সমষ্টিৰ অন্তৰ্গত পাঁচ নৈ গাঁও নিবাসী মহিম নাথৰ কন্যা সবিতা দেৱীক(অন)ক হিন্দু ব্যক্তি তথা যাদৱ দাস নামেৰে পলুৱাই লৈ গৈছিল।

কাঠমিস্ত্ৰী জৱেদ আলীয়ে প্ৰেমৰ অভিনয় কৰি পলুৱাই লৈ যোৱা পাঁচ-নৈৰ যুৱতীগৰাকীক কিছুদিন ঢেকীয়াজুলীত এটা ভাড়া ঘৰত ৰাখিছিল।গাঁওখনৰ ৰাইজে সবিতা দেৱীক প্ৰকৃত এজন হিন্দু যুৱকে বিয়া কৰাই নিয়া বুলি প্ৰথম অৱস্থাত পতিয়ন গৈছিল।কিন্তু কম সময়ৰ ভিতৰতে উক্ত ঘটনাৰ উৰহী গছৰ ওৰ ওলাই পৰে।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিৰ্মাণ কাৰ্য্যৰ লগত জড়িত জবেদ আলীৰ এজন ভাতৃয়ে পাঁচ-নৈৰ গাঁৱৰ অনাময় আঁচনিৰ অধীনত শৌচাগাৰ নিৰ্মাণ কৰিবলৈ যোৱাৰ পিছতই যাদৱ দাসৰ প্ৰকৃত পৰিচয় পোহৰলৈ অহাত গাঁওবাসী আচৰিত হৈ পৰে।

ইফালে জবেদ আলীৰ প্ৰকৃত পৰিচয় উদঘাটন কৰি এক বিহীত ব্যৱস্থা লোৱাৰ বাবে পাঁচ-নৈ গাঁও উন্নয়ন সমিতিৰ সভাপতি আৰু সম্পাদকক স্থানীয় যুৱক সকলে দাবী উথাপন কৰে।উল্লেখযোগ্য যে,চলিত বৰ্ষৰ যোৱা ১৩ মাৰ্চত জবেদ আলীয়ে ভুৱা পৰিচয় দি গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰেঙীয়াৰ শ্ৰীশ্ৰী কল্যানী দেৱালয়ত যুৱতীগৰাকীক সম্পূৰ্ণ হিন্দু ধৰ্মৰ নীতি-নিয়মৰ মাজেৰে বিবাহ কাৰ্য্য সম্পাদন কৰোৱাৰ ফটো আৰু চাৰেঙীয়া শ্ৰীশ্ৰী কল্যানী দেৱালয় পৰিচালনা সমিতিয়ে বৰঙণি সংগ্ৰহ কৰাৰ ৰছিদ আৰু বিভিন্ন তথ্য প্ৰচাৰ হৈ পৰাত হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ভুৱা পৰিচয় দিয়া দৰাৰূপী যাদৱ দাসে(প্ৰকৃত নাম জবেদ আলী)নিজকে গহপুৰৰ খাটৰবাৰী গাঁও নিবাসী হৰি দাসৰ পুত্ৰ বুলি আৰু অনু দাসে (প্ৰকৃত নাম:সবিতা দেৱী) পিতৃৰ নাম প্ৰেম দাস তেজপুৰৰ বুলি কৈ সম্পূৰ্ণ ভুল তথ্যৰে বিবাহ পাশত আবদ্ধ হয়।জানিব পৰা মতে অনু দাসে পিতৃ বুলি ভুৱা পৰিচয় দিয়া প্ৰেম দাসৰো ঘৰ খাটৰবাৰীতে। কিন্তু চাৰেঙীয়াৰ শ্ৰীশ্ৰী কল্যানী দেৱালয়ৰ পুৰোহিতৰ লগতে দেৱালয় পৰিচালন সমিতিয়ে দুইজনৰে নাম-ঠিকনাৰ প্ৰকৃত তথ্য-পাতি(ভোটাৰ আই ডি,আধাৰ কাৰ্ড,গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আদি) পৰীক্ষা নকৰাকৈ তেওঁলোকক কিয় বিয়া কৰাই দিলে তাকে লৈ সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই স্পৰ্শকাতৰ ঘটনাটোৱে হিন্দু ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় আবেগ-অনুভূতিত আঘাট হনা বুলি ধৰ্মপ্ৰাণ ৰাইজে মন্তব্য কৰিছে।ইপিনে এই স্পৰ্শকাতৰ ঘটনাটোক লৈ আৰম্ভণিৰে পৰা সবল স্থিতি গ্ৰহণ কৰি অহা শোণিতপুৰ জিলাৰ ঢেকীয়াজুলী আৰক্ষী থানাৰ অন্তৰ্গত পাঁচনৈ-হুগ্ৰাজুলী নিবাসী সক্ৰিয় আৰ টি আই কৰ্মী, সাংবাদিক দিলীপ নাথে মঙ্গলবাৰে উক্ত ঘটনাৰ লগত জড়িত দোষী ব্যক্তি সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ গহপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।এজাহাৰখনত উক্ত কাৰ্য্যৰ আঁৰত হৰি দাস আৰু প্ৰেম দাস পোনপটীয়া ভাবে জড়িত বুলি উল্লেখ কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in