তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ, গহপুৰত ভানুৰ সভা … 

তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ, গহপুৰত ভানুৰ সভা … 

ডিজিটেল সংবাদ তেজপুৰ ঃ– তেজপুৰ লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি  বিজেপিৰ ভিতৰচৰাত প্ৰৱল সংঘাত চলি থকাৰ বিপৰীতে কংগ্ৰেছ দলে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ কৰি তুলিছে ।

এইক্ষত্ৰত কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম ভি জি কে ভানুয়ে আজি গহপুৰৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ দলীয় সভা সমিতিত অংশ গ্ৰহন কৰি নিৰ্বাচনী প্ৰচাৰ চলায় । উল্লেখ্য যে গহপুৰৰ বালিজানৰ চাৰিখেলিয়াত  অনুষ্ঠিত  হোৱা কংগ্ৰেছৰ সভাত তেজপুৰ লোক সভা সমষ্টিৰ দলীয় প্ৰাৰ্থী এম জি ভি কে ভানু,জেষ্ঠ নেতা  অপূৰ্ব কুমাৰ ভট্ৰাচায, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে ধৰি কংগ্ৰেছৰ বহু নেতা উপস্থিত থাকে ।

ছয়দুৱাৰ আৰু পুৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছৰ অন্তৰ্গত ৩৪খন গাঁও পঞ্চায়তৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৱাৰ্ড সদস্য, আঞ্চলিক সদস্য, সভাপতি, জিলা পৰিষদৰ সদস্য  সকলক লৈ অনুষ্ঠিত  হোৱা সভাত অংশগ্ৰহন কৰি এম জি ভি কে ভানুৱে নিৰ্বাচনৰ সন্দৰ্ভত গুৰুত্বপুৰ্ন আলোচনাতো মিলিত হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in