গহপুৰতো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত বৃদ্ধি

গহপুৰতো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত বৃদ্ধি

ডিজিটেল সংবাদ, উত্তৰ অসমঃ যোৱা দুদিন ধৰি অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰফলত উত্তৰ অসমৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ বাঢ়নী পানীয়ে প্লাবিত কৰি জনজীৱন স্তব্ধ কৰি তুলিছে।

গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ মিচিং বসতিপূৰ্ণ লোহিত মুখ, ৰাওনামুখ, বৰতামুলী আৰু বাকৰি দলনি গাঁও পঞ্চায়তৰ অন্তর্গত বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতি-পথাৰ, বাট-পথ, বিদ্যালয় বৰ্তমান পানীৰ তলত।

বিশেষকৈ মথাউৰিৰ বাহিৰৰ চগুৰি ,কলীয়াপানী ,গজপুৰ ,পাচুং, বাৰুলে চাপৰি, গনাইটাপু ,গোপাল জাৰনি ,লৌগুতি, তিনিঘৰীয়া, ঠুটে চাপৰি, কুটুম ভোলোকাগুৰি, লফাই চুক, খৰৈআতি ,গৗটুং চাপৰি, ডাকচাপৰি ,ঠোতেচাপৰি লক্ষিচাপৰি, ,বৰদলনি,তলতলি,সৰুতামুলী,মজৰচাপৰি,জব্বৰে আৰু ৰাওনামুখ আদি বিস্তীৰ্ণ এলেকাত প্লাৱিত কৰি পশুধনৰ লগতে খোৱা পানীৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে ৷

আনহাতে খোৱাপানীৰ বাবেও সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ছয়দুৱাৰ শিক্ষা খণ্ডৰ অধীনৰ লিমাৰচুক প্ৰাথমিক বিদ্যালয়কে ১৫ খনতকৈও অধিক বিদ্যালয় পানীৰ তলত। যাৰ ফলত বিদ্যালয় বন্ধ ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই ক্ষেত্রত প্ৰশাসনক নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তি নিশ্চিত নিৰপত্তাৰ বাবে সাজু থাকিবলৈ টি এম পি কে কে ধৰি বিভিন্ন জাতীয় সংগঠনে আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in