জঘন্য কাণ্ডঃ মোবাইলত অশ্লীল ভিডিঅ’ দেখুৱাই তিনি কন্যাক যৌন উৎপীড়ন

জঘন্য কাণ্ডঃ মোবাইলত অশ্লীল ভিডিঅ’ দেখুৱাই তিনি কন্যাক যৌন উৎপীড়ন

ডিজিটেল সংবাদ ছয়দুৱাৰঃ মানৱ সমাজত লজ্জানত কৰা এক জঘন্য কাণ্ডই জোকাৰি গৈছে সমগ্ৰ গহপুৰ মহকুমা।পশুতকৈয়ো অধম প্ৰকৃতিৰ এগৰাকী বিবাহিত লম্পট চৰিত্ৰৰ যুৱকে সংঘটিত কৰিছে এক জঘন্য ঘটনা। মহকুমাটোৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ব্ৰহ্মাজান চাহ বাগিচাখনৰ এক নং শ্ৰমিক লাইনৰ নিভাস হৰিপাল (বয়স-২৭,পিতা:মোহন) নামৰ অস্থায়ী শ্ৰমিক জনে অশ্লীল ভিডিঅ' দেখুৱাই তিনি কন্যা শিশুক যৌন নিৰ্যাতন সংঘটিত কৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে। ইয়াৰ পাছতেৰা উত্তপ্ত হৈ পৰিছে ব্ৰহ্মাজান চাহ বাগিচা।

এইক্ষেত্ৰত প্ৰাপ্ত অভিযোগ অনুসৰি, নিভাস হৰিপাল নামৰ যুৱকজনে তেওঁৰ ঘৰৰ ওচৰৰ প্ৰায় ৬/৭ বছৰৰ তিনিটি কন্যা শিশুক যোৱা প্ৰায় এসপ্তাহ ধৰি সুযোগ বুজি যৌন উৎপীড়ন চলাই আহিছিল।মোবাইলত অশ্লীল ভিডিঅ' দেখুৱাই এনেদৰে চলাই অহা যৌন উৎপীড়নৰ সমস্ত কাহিনী মঙ্গলবাৰে পোহৰলৈ আহে।জানিব পৰামতে অভিযুক্ত নিভাসে পত্নীৰ লগত কাজিয়া কৰি থকাৰ ফলত পত্নীয়ে ছবছৰীয়া পুত্ৰক লৈ মাকৰ ঘৰলৈ গুছি যায়। ইয়াৰ পাছৰে পৰা বয়সীয়াল পিতৃ-মাতৃৰ লগত থাকে নিভাস হৰিপাল।পিতৃ-মাতৃ কামলৈ ওলাই গ'লেই বিক্সুট,মৰ্টন আদিৰ লোভ দেখুৱাই কাষৰীয়া পৰিয়াল তিনিটাৰ কন্যা শিশু তিনিটিক এজনী এজনীকৈ ফুচুলাই মাতি আনে ঘৰলৈ।

ইয়াৰ পিছতে লম্পট নিভাসে কোঠাৰ ভিতৰত আৰম্ভ কৰে যৌন আতিশায্যৰ দৰে জঘন্য আৰু ঘৃণনীয় কাণ্ড।এইক্ষেত্ৰত এগৰাকী অভিভাৱকে জানিবলৈ দি কয় যে, নিভাসৰ এগৰাকী ভতিজাকে তেওঁক উক্ত দুস্কাৰ্যৰ কথা অবগত কৰাৰ পিছতে কন্যা শিশু তিনিটিক মৰমেৰে সোধা-পোছা কৰাত সমগ্ৰ বিষয়টো পৰিস্কাৰ হৈ পৰে।বুধবাৰে এই বিষয়টোক কেন্দ্ৰ কৰি ব্ৰহ্মাজান চাহ বাগিচাৰ এক নং লাইনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি।যাৰবাবে নিশা প্ৰায় ৮ বজাত উক্ত শ্ৰমিক লাইনত উপস্থিত হ'বলগীয়া হয় ঘাঁহিগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মদন প্ৰধানৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দল।

ইপিনে এই আপত্তিজনক বিষয়টোক কেন্দ্ৰ কৰি অব্যাহত থকা উত্তেজনাময় পৰিস্থিতিৰ মাজত বৃহস্পতিবাৰে উক্ত ঘৃণনীয় কাণ্ডটোৰ প্ৰধান অভিযুক্ত নিভাস হৰিপালৰ বিৰুদ্ধে ঘটনাৰ সমস্ত কাহিনী বৰ্ণনা কৰি ঘাঁহিগাঁও আৰক্ষী চকীত এগৰাকী অভিভাৱকে এখন এজাহাৰ দাখিল কৰে।উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জামিনবিহীন ধাৰাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰাৰ লগতে কন্যা শিশু তিনিটিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিছে।এই গোটেই কাহিনী পোহৰলৈ অহাৰ পিছৰে পৰা পলাতক হৈ আছে নিভাস হৰিপাল।

জীৱ শ্ৰেষ্ঠ মানুহৰ সংজ্ঞা হেৰুৱাই দস্যু-জানোৱাৰৰ দৰে আচৰণ কৰা নিভাস হৰিপাল নামৰ লম্পটোক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে প্ৰৱল গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে আটছাৰ ব্ৰহ্মাজান চাহ বাগিচা প্ৰাথমিক গোটে।এইক্ষেত্ৰত আটছাৰ প্ৰাথমিক গোটটোৰ সভাপতি সুনীল নায়ক আৰু সম্পাদক অনিল বৰ্কিৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ ঘাঁহিগাঁও আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ হাতত প্ৰদান কৰিছে।আটছাৰ বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিলোৎপল ৰবিদাসে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীৰ ওচৰত কঠোৰ দাবী জনাইছে।বৃহস্পতিবাৰে আটছাৰ প্ৰতিনিধি দল আৰু কন্যা শিশু তিনিটিসহ অভিভাৱক আৰু চুবুৰীয়া ৰাইজ ঘাঁহিগাঁও আৰক্ষী চকীত উপস্থিত হোৱাৰ সময়ত গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আহি ঘটনাৰ বুজ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in