গহপুৰত অসম নাট্য সন্মিলনৰ নাট প্ৰতিযোগিতাৰ আয়োজন

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, উত্তৰ অসমঃ  অহা ২৫ আৰু ২৬ ডিচেম্বৰত গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অসম নাট্য সন্মিলনৰ আহ্বান মৰ্মে বিশ্বনাথ জিলা সমিতিৰ সহযোগত গহপুৰ শাখাৰ উদ্যোগত মাণ্ডলিক ভিত্তিত (স্বৰ্ণ পীঠ মণ্ডলৰ) মধ্য কালীন আৰু মাণ্ডলিক নাট প্ৰতিযোগিতাখনি দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব।

সমূহ কাৰ্য্যসূচীত নাট্য প্ৰেমী ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে বিশ্বনাথ জিলা সমিতিৰ সভাপতি ড০ অঞ্জন কুমাৰ ওজা, সম্পাদক অনিল বৰুৱা আৰু গহপুৰ শাখাৰ সভাপতি বিশ্বজিৎ বৰদলৈ, সম্পাদক অশ্বিনী বৰমুদৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in