অন্ধপ্ৰদেশত গহপুৰৰ যুৱক নিৰুদ্দেশ…

অন্ধপ্ৰদেশত গহপুৰৰ যুৱক  নিৰুদ্দেশ…

ডিজিটেল সংবাদ, গহপুৰঃ যোৱা ৩০ আগষ্টত বাংগালুৰু লৈ ৰেলত যাত্ৰা কৰি থকা অৱস্থাত বিজয়ৱাৰা ৰেলৱে ষ্টেচনত ভুলবশত নমা গহপুৰৰ অনিল কুছটা চাহু (৩৫) নামৰ যুৱকজন বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে।

জানিব পৰা মতে, গহপুৰ ৰেলৱে ষ্টেচনৰ সমীপৰ টঙনা গাঁৱৰ তিলেশ্বৰ কুছটা চাহুৰ বৰ পুত্ৰ অনিল কুছটা চাহু।এতিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই পৰিয়ালৰ লোকে।

ইতিমধ্যে বিজয়ৱাৰা থানাতো পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে। কোনোবা সদাশয় লোকে যুৱকজনৰ সম্ভেদ পালে ৮৪৮৪৬৫৬৮০২২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in