তেজ দিম নদী বান্ধ হ’বলৈ নিদিওঃ ৫ সহস্ৰাধিক প্ৰতিবাদকাৰীৰ সৈতে গোগামুখত গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতি…

তেজ দিম নদী বান্ধ হ’বলৈ নিদিওঃ ৫ সহস্ৰাধিক প্ৰতিবাদকাৰীৰ সৈতে গোগামুখত গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতি…

ডিজিটেল সংবাদ, গোগামুখঃ বহু বিতৰ্কিত নামনি সোৱণশিৰি প্ৰকল্পৰ বিৰুদ্ধে শুকুৰবাৰে পুনৰ গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতি৷ গোগামুখত বহু বিতৰ্কিত গেৰুকামুখৰ জল বিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ সংগ্ৰামৰ পাতনি মেলিলে সংগঠনটোৱে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰুৱা, সম্পাদক ধৈৰ্য কোৱঁৰৰ নেতৃত্বত গোগামুখ ৰে'ল গেটত সমৱেত হ'ল প্ৰায় পাঁচ সহস্ৰাধিক লোক৷ প্ৰথমে ৰে'ল গেটৰ পৰা গোগামুখ চাৰিআলিলৈ প্ৰতিবাদী সমদল৷

তাৰ পাছত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এন পি চি সংযোগী পথ অৱৰোধ কৰি গঢ়ি তোলে মানৱ শৃংখল৷ বৃহৎ নদী বান্ধ বন্ধ কৰক, এন এইচ পি চি হুচিয়াৰ, মোডী চৰকাৰৰ হুচিয়াৰ, সোনোৱাল চৰকাৰ হুচিয়াৰ, বান্ধ লৱী হুচিয়াৰ আদি শ্লগানত উত্তাৱল হয় চৌপাশ৷ কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰে কয়- কোনো কাৰণতে নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ নিদিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ প্ৰয়োজন হ'লে তেজ দিব, সদস্যৰ মৃত্যু হ'ব তথাপি নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্প হবলৈ নিদিয়ে৷

আনহাতে সংগঠনটোৰ সভাপতি ৰাজু বৰুৱাৰ মতে শোণিতপুৰ, লখিমপুৰ, বিশ্বনাথ, ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক লৈ টাক্স ফৰ্চৰ যোগে যদিও বান্ধ লৱীয়ে আন্দোলন প্ৰতিহত কৰাৰ চেষ্টা কৰিব তথাপিও আন্দোলনৰ পথ ৰুদ্ধ নহ'ব৷ বান্ধ নিৰ্মাণ হ'লেও ভাঙি দিয়া হ'ব৷ উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীশৰ আদালতে অসম পাবলিক ৱৰ্কচৰ অভিজিত শৰ্মা আৰু প্ৰাক্তন আছু নেতা তুলাৰাম গগৈৰ গোচৰৰ ৰায়দান এন এইচ পি চিৰ সপক্ষত দিয়াৰ পাছত উৎসাহী হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মান সংস্হা এন এইচ পি চি৷

সংস্হাটোৰ মহা প্ৰৱন্ধক অৰবিন্দ ভাটে অলপতে ঘোষণা কৰিছিল প্ৰকল্পটোৰ ৫০% কাম সম্পূৰ্ণ হৈছে৷ এই কথাৰ তীব্ৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ সংগঠনটোৰ মতে ন্যায়ালয়ৰ বাধা সত্বেও নিৰ্মান সংস্হা এন এইচ পি চি এ জলবিদ্যুৎ প্ৰকল্পটোৰ ৭০% নিৰ্মাণৰ কাম গোপনে আগবঢ়ালে৷ এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যিকোনো মূল্যৰ বিনিময়ৰ সংগ্ৰাম কৰিব৷ একে সময়তে সংগঠনটোৱে অৰুণাচলত প্ৰস্তাৱিত ১৬৮ টা জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰ কথা সদৰি কৰিছে৷

এই বৃহৎ নদী বান্ধ আৰু জল বিদ্যুৎ প্ৰকল্প বিৰোধী আন্দোলনত স্হানীয় সোৱণশিৰি পৰীয়া কৃষক, শ্ৰমিক আৰু সাধাৰণ লোকৰ অংশ গ্ৰহণ আছিল লক্ষণীয়৷ বাপুকন পেগু নামৰ ভীমপৰা চাপৰিৰ মিছিং জনগোষ্ঠীৰ কৃষক জনৰ মতে যেতিয়াৰ পৰা এন এই চ পি চিয়ে বান্ধ নিৰ্মাণ কৰিলে তেতিয়াৰ পৰা সোৱণশিৰিৰ চৰিত্ৰ সলনি হ'ল ৷খৰালিত খহনীয়া আৰু বাৰিষা নদীৰ বুকুৰ প্ৰলয়ংকৰী বানে নৈ পৰীয়া লোকৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি হৈছে৷

স্মৰ্ত্তব্য যে এসময়ত বান্ধ বিৰোধী আন্দোলনখন গুৰি ধৰা ধেমাজিৰ বিধায়ক ৰণোজ পেগু, জোনাইৰ ভূৱন পেগু আৰু অসম গণ পৰিষদৰ ভুমিকাকো ক্ষুৰধাৰ সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ সংগঠনটোৰ নেতা ৰাজু বৰুৱাৰ মতে, এই দুই নেতাই নৈ পৰীয়া মিচিং জনগোষ্ঠীটোৰ জীৱন, জীৱিকা আৰু সভ্যাতাক লৈ ক্ষমতাৰ ৰাগীত হেতালি খেলিছে৷ আজিৰ এই নদী বান্ধ বিৰোধী আন্দোলনত স্হানীয়, কৃষক, শ্ৰমিক আৰু নৈপৰীয়া লোকৰ অংশগ্ৰহণ লক্ষণীয় আছিল৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in