গোগামুখত চৰহা পোকে টোপনি হৰিছে কৃষকৰ

গোগামুখত চৰহা পোকে টোপনি হৰিছে কৃষকৰ

ডিজিটেল সংবাদ, গোগামুখঃ বাৰিষাৰ বানে ধেমাজি জিলাৰ গোগামুখ অঞ্চলত ব্যাপক ক্ষতিসাধন কৰাৰ পাছতে এতিয়া অঞ্চলটোৰ ৰাইজ সন্মুখীন হ'বলগীয়া হৈছে আন এক সমস্যাৰ। বান শাম কটাত বহু আশাৰে কৃষকসকলে ধানখেতি আৰম্ভ কৰিছিল যদিও ভূতৰ ওপৰত দানহ সদৃশ হৈ পৰিছে জাক জাক চৰহা পোক।

সকলোৰে চকুৰ সমুখতে লহপহকৈ বাঢ়ি অহা বিঘাই বিঘাই সেউজ ধাননি তহিলং কৰি গৈছে জাক জাক চৰহা পোকে। চৰহা পোকৰ এনে উপদ্ৰব প্ৰত্যক্ষ কৰি এতিয়া মূৰে-কপালে হাত দিবলৈ বাধ্য হৈ পৰিছে গোগামুখৰ কৃষক ৰাইজ।

চৰহা পোকৰ এনে উপদ্ৰৱৰ বিষয়ে কৃষি বিভাগক অৱগত কৰাৰ পিছতো বিভাগটোৱে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। 'আমি চৰহা পোকৰ আক্ৰমণৰ বিষয়ে কৃষি বিভাগক অৱগত কৰিছো। কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া আমি আশা একেবাৰেই এৰি দিছো।'-এইদৰে কয় এজন ক্ষুব্ধ কৃষকে।

উল্লেখ্য যে গোগামুখ ৰাজহ চক্ৰৰ বৰদলনি, মিছামাৰি, শিঙিজান, বৰদৈবাম, লটাক আদি অঞ্চলত চৰহা পোকৰ আক্ৰমণ অধিক হোৱা দেখা গৈছে। অঞ্চলটোৰ তিনিশতাধিক কৃষক পৰিয়ালৰ আশা-বৰসা স্বৰূপ বিঘাই বিঘাই গেৰ ধৰা সেউজীয়া ধাননি এতিয়া ধান খেৰৰ দৰে শুকান কৰি পেলাইছে জাক জাক চৰহা পোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in