মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ত চোৰৰ চাফাই অভিযান…

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সচিবালয়ত চোৰৰ চাফাই অভিযান…

ডিজিটেল সংবাদ,ঢকুৱাখনা:  মিচিং স্বায়ত্ব শাসিত পৰিষদৰ গোগামুখৰ সচিবালয় চৌহদৰ ভিতৰৰ পৰা ডিজিটেল  জেনেৰেটৰৰ এটা বৃহৎ  বেটেৰী চুৰ কৰি  ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে  তিনিটা গভাইত চুৰ।  যোৱা ২২  ছেপ্টেম্বৰৰ মাজনিশা পৰিষদৰ   সচিবালয়ত সংগোপনে প্ৰৱেশ কৰি  ডিজিটেল জেনেৰেটৰ কাটি  তাৰ পৰা  এটা বেটেৰী লৈ উধাও হৈছিল  চুৰৰ দলটো। এই সন্দৰ্ভত বৃহস্পতিবাৰে বিয়লি  প্ৰায় ৪ বজাত পৰিষদৰ মুখ্য সহায়ক লক্ষীধৰ দলেয়ে  গোগামুখ আৰক্ষী থানাত  এক গোচৰ ৰুজু কৰিছিল। গোগামুখ থানাত পঞ্জীভূত গোচৰ(নং-১৮৩/২০২১ ধাৰা-ভা: দ:আ: ৩৭৯ ) ৰ  ভিত্তিত  থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন শইকীয়াই ক্ষীপ্ৰতাৰে  তদন্ত চলাই  বৃহস্পতি বাৰে নিশা প্ৰায় ৯-৩৪ বজাত তিনিটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

 লগতে চাউলধুৱা পূৱ বালিগাঁওৰ দিগন্ত হাজৰিকাৰ ঘৰত লুকুৱাই ৰখা অৱস্থাৰ পৰা  মূল্যবান বেটেৰীটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰ কেইটা হৈছে গোগামুখ শান্তি নগৰৰ সঞ্জীৱ বড়ো (৩৬),  বিশ্বনাথ জিলাৰ গহপুৰ থানাৰ অন্তৰ্গত চেঙেলীখুটি গাঁওৰ বুদ্ধেশ্বৰ কুটুম(৪০ আৰু  চাউলধুৱা বালি গাঁওৰ দিগন্ত হাজৰিকা(২৮ )। আৰক্ষী বিষয়া শইকীয়াৰ তৎপৰতাত গ্ৰেপ্তাৰ হোৱা তিনিটা চোৰক স্বাস্থ্য পৰীক্ষা কৰি ধেমাজি ন্যায়িক আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে  অসৎ প্ৰকৃতিৰ এই চোৰকেইটা  এনে বহু অপকৰ্মৰ সৈতে জড়িত হোৱাৰ আশংকা কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in