কৃষ্ণাইত বিলাসী ছাগলী চোৰে টোপনি হৰিছে ৰাইজৰ

কৃষ্ণাইত বিলাসী ছাগলী চোৰে টোপনি হৰিছে ৰাইজৰ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইত দিনক দিনে বৃদ্ধি পাইছে বিলাসী চোৰৰ সন্ত্ৰাস৷ সম্প্ৰতি চুৰি কাণ্ড সংঘটিত কৰা লোকসকল এলাপেছা চোৰ নহয়, বিলাসী বাহনত উঠিহে সংঘটিত কৰে চুৰি কাৰ্য৷ তেনে এক চুৰি কাণ্ডৰ বৃহস্পতিবাৰে ৰহস্য ভেদ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

বুধবাৰে আৰক্ষীয়ে কৃষ্ণাইৰ দলঙত চোৰৰ এখন চেন্ট্ৰ' বাহনসহ ৫ টাকৈ চুৰি ছাগলী জব্দ কৰিবলৈ সক্ষম হয়৷ জানিবপৰা মতে, পুৱা
এএছ-০১আৰ-৫৮৩৫ নম্বৰৰ চেন্ট্ৰ' বাহনখন কৃষ্ণাই অভিমুখে আহি থকাৰ সময়তে কৃষ্ণাইৰ চাৰিআলিত এখন ই-ৰিক্সাক পিছফালৰ পৰা খুন্দা মাৰে। ঘটনা সংঘটিত কৰি বাহনখন পলাবলৈ চেষ্টা কৰে যদিও দলঙত আৰক্ষীৰ উপস্থিতি প্ৰত্যক্ষ কৰি বাহন এৰি পলায়ন কৰে চালকসহ বাহনত থকা লোককেইজন৷ তাৰ পিছতে প্ৰকৃত ঘটনা পোহৰলৈ আহে৷ চোৰে ৰাজপথতে এৰি পলায়ন কৰা বাহনখনৰ পৰা আৰক্ষীয়ে ৫ টা ছাগলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইফালে আৰক্ষীয়ে ছাগলী কেইটা জব্দ কৰাৰ কিছু সময়ৰ পিছতে কৃষ্ণাইৰ নিকটৱৰ্তী গাঁৱৰ পৰা চুৰি কৰি অনা ৩টা ছাগলীৰ গৰাকীৰ সম্ভেদ ওলায়। পুৱা ঘৰৰ পৰা এৰাল দিয়াৰ পিছতে কোনো লোকে চুৰি কাণ্ড সংঘটিত কৰে ছাগলী হৈ উধাওঁ হয় বুলি আৰক্ষীক অৱগত কৰি উপযুক্ত প্ৰমাণ দিয়াত আৰক্ষীয়ে চুৰি ছাগলী কেইটা গৰকীক চমজাই দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in