শেহতীয়া খবৰ
অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ...  •  লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা...VIDEO  •  পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ জঘন্য কাণ্ডৰ ম’ৰেল পুলিচৰ মূল নায়কসহ ৩ যুৱকক গ্ৰেপ্তাৰ…

458

ডিজিটেল সংবাদ, কৃষ্ণাই: দেওবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অসম মেঘালয় সীমান্তৰ হাতীচোঙৰ গুৰিয়া বনাঞ্চলত এহাল যুৱক-যুৱতীক ম’ৰেল পুলিচে গুৰুলা-গুৰুলকৈ মাৰপিট কৰে ৷ ইয়াতে ক্ষান্ত নাথাকি যুৱক-যুৱতী হালৰ কাপোৰ খুলি উলংগ কৰে আৰু যৌন নিৰ্যাতন চলায় ৷

পিছত ম’ৰেল পুলিচৰ দলটোৱে যুৱক-যুৱতী হালক উলংগ কৰি লোৱা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে। মঙলবাৰে পুৱা এই ভাইৰেল ভিডিঅ’ৰ কথা একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাত জিলা আৰক্ষী বিভাগত হাহাকাৰ সৃষ্টি হয়। শেষত ম’ৰেল পুলিচৰ বিৰুদ্ধে জিলা আৰক্ষী অভিযান চলায় অসম-মেঘালয় সীমান্তত ৷

গোৱালপাৰা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত অভিযান চলাই ঘটনাৰ সৈতে জড়িত ঘটনা মূল অভিযুক্ত অমিয় ৰাভা, অপূৰ্ব ৰাভা আৰু সমীৰণ ৰাভাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, যুৱক-যুৱতী হালক উলংগ কৰি নিৰ্যাতন চলোৱাৰ লগতে সমগ্ৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ব্লেকমেইলিঙো কৰাৰ লগতে যুৱক-যুৱতী হালৰ পৰিয়ালৰ লোকক ৫০ হাজাৰ টকাও দাবী কৰিছিল ৷ পৰিয়ালৰ লোকে দাবী কৰা ৫০ হাজাৰ টকাতকৈ কম পৰিমানৰ ধন দিয়াৰ বাবে এই ভিডিঅ ভাইৰেল কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি