গোৱালপাৰাত শোকৰ ছাঁ! ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনি ছাত্ৰ সন্ধানহীন…

গোৱালপাৰাত শোকৰ ছাঁ! ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ তিনি ছাত্ৰ সন্ধানহীন…

ডিজিটেল সংবাদ, গোৱালপাৰা: গোৱালপাৰাৰ কাছাৰী ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত তিনিগৰাকীকৈ ছাত্ৰ গা ধুবলৈ গৈ সন্ধানহীন হৈ আছে। বুধবাৰে দুপৰীয়া চাৰে বাৰমান বজাত নদীত গা-ধুবলৈ নমা তিনিগৰাকীকৈ ছাত্ৰ মুহূৰ্ততে সন্ধানহীন হৈ পৰাত সমগ্ৰ চৰহখনতে গভীৰ শোকৰ ছাঁ পৰিছে। গোৱালপাৰা আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত সন্ধানহীন ছাত্ৰ তিনিগৰাকীৰ অনুসন্ধান কৰে যদিও সন্ধিয়ালৈকে কোনো সন্ধান উলিয়াব নোৱাৰিলে।

জানিব পৰা মতে, গোৱালপাৰা চহৰৰ উপকণ্ঠ মিলন নগৰ-শান্তিপুৰৰ ৰবিনুল ইছলাম, মুক্তাৰ আলী, নবী হুছেইন আৰু সাহিনুৰ আলী নামৰ অষ্টম শ্ৰেণীত পঢ়ি থকা কিশোৰ ছাত্ৰ চাৰিগৰাকীয়ে বুধবাৰে দুপৰীয়া ঘৰৰ পৰা চাইকেলেৰে গা-ধুবলৈ গৈছিল কাছাৰী ঘাটত। ইয়াৰে ৰবিনুল নামৰ ছাত্ৰজনে নদীৰ পাৰত চাইকেল আৰু কাপোৰ পহৰা দি আছিল আৰু আন তিনিজনে গা ধুবলৈ নামিছিল নদীত। নদীত নামি সাতুৰি থকা সময়তে তিনিওগৰাকী দ' পানীত ডুব যায় বুলি প্ৰত্যক্ষদৰ্শী ৰবিনুলে আৰক্ষীক কয়। পানীত ডুব যোৱা তিনিওজনে সাতুৰিব নাজানিছিল।সন্ধানহীন ছাত্ৰ তিনিজনৰ ঘৰত কান্দোনৰ ৰোল উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in