গোৱালপাৰা গড়কাপ্টানী বিভাগৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

গোৱালপাৰা গড়কাপ্টানী বিভাগৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা গড়কাপ্তানি (পথ) বিভাগৰ পঞ্জীয়নভুক্ত একাংশ ঠিকাদাৰে পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত কৰি বিভাগৰ ৰোষত পৰিবলগীয়া হৈছে। শেহতীয়াকৈ জিলাখনত পি এম জি এছ ৱাই আঁচনিৰ অধীনত চলি থকা গাঁৱলীয়া পথ পকীকৰণত তথাকথিত একাংশ ঠিকাদাৰে ব্যাপক দুৰ্নীতি সংঘটিত কৰি ব্যাপক লুণ্ঠন চলাইছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে বাৰংবাৰ অভিযোগ কৰিও পথ নিৰ্মাণ আৰু পকীকৰণত জড়িত ঠিকাদাৰক মুঠেই গা লৰাব পৰা নাই। এনেকি ৰাইজনৈতি প্ৰভাৱৰ বলত বলিয়ান ফাঁকিবাজ ঠিকাদাৰসকলে দায়িত্বত থকা বিভাগ আৰু বিভাগৰ বিষয়া-কৰ্মচাৰীসকলকো কেৰেপ নকৰে।

অৱশেষত এনে মদগৰ্বী ঠিকাদাৰ এজনৰ দৰ্পচূৰ্ণ কৰি বৃহস্পতিবাৰে গোৱালপাৰা গড়কাপ্তানি (পথ) বিভাগে আগিয়াত বহিঃজিলাৰ ঠিকাদাৰ এজনৰ নিম্নমানৰ কামৰ কাৰ্লভাৰ্ট এটিত এক্সকেভেটৰ চলায়। উল্লেখ্য যে পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ আগিয়াৰ বৰদামাল পঞ্চায়তৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ ২.৪০ কিলোমিটাৰ দৈঘ্যৰ ০৭৩০৬ নং পেকেজ নম্বৰৰ আমগুৰি-নলংগাৰ পথছোৱাৰ পকীকৰণত ঠিকাদাৰজনে ব্যাপক দুৰ্নীতি সংঘটিত কৰে।

১ কোটি ৩৫ লাখ ৩৯ হেজাৰ টকা ব্যায় সাপেক্ষে যোৱা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা নিৰ্মাণ চলি থকা এই পথটোত আৰম্ভণিৰে পৰা নলবাৰী জিলাৰ থিকাদাৰ ৰুবুল ভট্টই এজন উপ-ঠিকাদাৰৰ জৰিয়তে অতি নিম্নমানৰ শিল, ছেণ্ড গ্ৰেভেল,বালিৰে কাম চলায়।এই সন্দৰ্ভত ৰাইজে বাৰংবাৰ ঠিকাদাৰ আৰু উপ-থিকাদাৰক অভিযোগ কৰি আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই। ইপেনে পথটোত নিৰ্মাণ কৰা নিম্নমানৰ কাৰ্লভাৰ্ট এটিক লৈও ওলপতে স্থানীয় ৰাইজ জাঙুৰ খাই উঠে।

কাৰ্টভাৰ্টটো নিৰ্মাণত ইমানেই অনিয়ম আৰু দুৰ্নীতি সংঘটিত হৈছে যে নিৰ্মাণৰ দুদিন পিছতে কাৰ্লভাৰ্টটো পকী কৰা অংশ বেয়াকৈ খহিবলৈ আৰম্ভ কৰে। তদুপৰি কাৰ্লভাৰ্ট বহুৱা সেই স্থানত পূৰ্বে ১২০ এম এমৰ কাৰ্লভাৰ্ট আছিল।কিন্তু ৰাইজে অভিযোগ উত্থাপন কৰা মতে ঠিকাদাৰে নিজ খেয়াল খূচি মতে ১২০ এম এমৰ ঠাইত ৯০ এম এমৰ হিউম পাইপ বহুৱাইছে। এই সন্দৰ্ভত যোৱা ২৮ ডিচেম্বত 'অসমীয়া প্ৰতিদিন'ৰ জৰিয়তে সংবাদ পৰিবেশন কৰি বিভাগৰ দৃষ্টি আকৰ্ষন কৰাত গোৱালপাৰা গড়কাপ্তানি(পথ)বিভাগে ঠিকাদাৰজনক উপযুক্তভাৱে কাৰ্লভাৰ্টটো নিৰ্মাণৰ নিৰ্দেশ কৰে।কিন্তু ঠিকাদাৰজনে কোনো কৰ্ণপাতেই নকৰিলে। অৱশেষত গড়কাপ্তানি বিভাগে আজি পুৱাই সদলবলে এক্সকেভেটৰ লগত লৈ নিৰ্মাণস্থলীত উপস্থিত হৈ নিম্নমানৰ কাৰ্লভাৰ্টো ভাঙি দিয়ে। ভাঙি দিয়া নিম্নমানৰ কাৰ্লভাৰ্ট আৰু উক্ত পথৰ নিৰ্মাণৰ কাম ঠিকাদাৰজনে থিকমতে নকৰিলে ঠিকাদাৰজনৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব বুলি সংশ্লিষ্ট বিভাগৰ সহকাৰী অভিযন্তা বনজিৎ অধিকাৰীয়ে অসমীয়া প্ৰতিদিনক জানিব দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in