গভীৰ নিদ্ৰাত বন মন্ত্ৰীঃ বিষয়াৰ ছত্ৰছায়াতে গোৱালপাৰাত বালি ছিণ্ডিকেট

গভীৰ নিদ্ৰাত বন মন্ত্ৰীঃ বিষয়াৰ ছত্ৰছায়াতে গোৱালপাৰাত বালি ছিণ্ডিকেট

ডিজিটেল ডেস্কঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰু দুধনৈত সম্প্ৰতি একাংশ বালি মাফিয়াই বন বিভাগৰ সহযোগত অবৈধ বালি খনন কাৰ্যৰে এক বৃহৎ ছিণ্ডিকেট গঢ়ি তুলিছে।

উল্লেখযোগ্য যে, ১০আগষ্টৰ আবেলি ৩.৩০ বজাত গোৱালপাৰা বন বিভাগৰ কাৰ্যালয়ত গোৱালপাৰা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পৰমা ৰাভা, যুটীয়া সম্পাদক নবিউল ইছলাম নেতৃত্বত তথ্য জনাৰ অধিকাৰ আইন ২০০৫ৰ অধীনত গোৱালপাৰা বন বিভাগৰ কাৰ্যালয়ৰ ছত্ৰছায়াত চলি থকা কেতবোৰ অনিয়মৰ বিৰুদ্ধে আইনসংগতভাৱে তথ্য বিচাৰি আবেদন জমা কৰিবলৈ ডি এফ অ' অফিচত যোৱাৰ পিছত কাৰ্যালয়ৰ গাণনিক উচ্চ বৰ্গৰ সহায়ক মহাদেৱ দাসে আবেদন গ্ৰহণ কৰিবলৈ অমান্তি হয়।

ইয়াক লৈ উচ্চবৰ্গৰ সহায়কগৰাকীয়ে ছাত্র মুক্তিৰ নেতা দুগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ছাত্ৰ মুক্তিৰ নেতা কেইজনে অভিযোগ কৰা মতে, সহায়ক দাসে আমিনুল হকক শাৰীৰিক আক্ৰমন কৰে আৰু তিনিওকে কোঠাত আৱদ্ধ কৰি ৰাখে।

তাৰ পিছতে নেতৃত্বই গোৱালপাৰা সদৰ থানাত দুটা সুকীয়াকৈ গোচৰ তৰে দুই পক্ষই। ৫৮৮/১৮ নম্বৰত পঞ্জীয়নকৃত গোচৰৰ তদন্ত আৰম্ভ কৰিছে গোৱালপাৰা আৰক্ষীয়ে ।

আনহাতে, এখন সংবালমেল সম্বোধন কৰি ছাত্র নেতা আমিনুল হকে কয় যে, গোৱালপাৰাৰ মাণ্ডলীক বন বিষয়াৰ নেতৃত্বত কৃষ্ণাই আৰু দুধনৈ বালি মহলত বৃহৎ চিণ্ডিকেট চলি আছে। দুধনৈ বালি মহলৰ নিবিদা লাভ কৰিছে বিশ্বজিৎ দাস, তপন কুমাৰ দৈমাৰীয়ে। কৃষ্ণাইত এই বালি মহলৰ নিবিদা লাভ কৰা দুজন হ'ল ধিৰাজ ঠাকুৰীয়া আৰু শ্বাহাবুল ইছলাম।

নিবিদা অনুসৰি চাৰিটা বালি মহলত ৭ বছৰৰ বাবে ১৪,০০০ চেঃ মিঃ বালি খনন কৰিব পাৰিব বুলি উল্লেখ আছে। সেইমতে প্ৰতিটো দিনত বালি খনন কৰিব পাৰে ৬ চেঃমিঃ। কিন্তু নিয়ম নীতি উলংঘন কৰি অবৈধভাবে খনন কৰি আছে প্ৰতিটো দিনত প্ৰায় ৮০০ত কৈ অধিক চেঃ মিঃ বালি, মাহত ২৫০০০ত কৈ অধিক চেঃ মিঃ বালি, বছৰত ৩,০০,০০০তকৈ অধিক চেঃ মিঃ বালি আৰু ৭ বছৰত ২১ লাখতকৈ অধিক চেঃ মিঃ বালি খনন হ'ব।

তেওঁলোকৰ ৰাজহ আছে প্ৰতিটো দিনত মাত্ৰ ৬ চেঃ মিঃ বালিৰ তাৰ পৰিৱৰ্তে সকলো বালি গাড়ীৰ ৰাজহ ফাঁকি দি ভুৱা চালানৰ জৰিয়তে বৃহৎ ছিণ্ডিকেট চলাই আছে।

প্ৰত্যেক দিনে অবৈধভাবে বৃহৎ বালি খনন কৰা কৃষ্ণাই আৰু দুধনৈ নৈ দুখনৰ প্ৰাকৃতিক পৰিবেশত কু-প্ৰভাৱ পৰিবলৈ লৈছে, নদীৰ বহলতা বৃদ্ধি পাই দুয়োকাষে খহনীয়া আৰম্ভ হৈছে আৰু তাৰে পাৰ্শ্বক্ৰিয়া পৰিছে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত। সম্প্ৰতি কৃষ্ণাই নৈৰ ওপৰত থকা দলঙত ফাট মেলিছে।

পৰিবহণ আইন মতে ৰাষ্ট্ৰীয় ঘাইপথত দহ চকীয়া বাহনত লোডিঙ লব পৰা অনুমোদন থাকে মাত্ৰ ২০ টন (গাড়ীৰ সৈতে), কিন্তু প্ৰতিটো ডাম্পাৰ গাড়ী অভাৰ লোড কৰি ৪০ টনতকৈ অধিক বস্তু কঢ়িয়াই  আছে যদিও গোৱালপাৰা আৰু কামৰূপ পৰিবহণ নিগমৰ বিষয়াও নিমাত হৈ  থকা কাৰ্যত সাধাৰণ ৰাইজে সন্দেহ পোষণ কৰি ইয়াৰ উচিত তদন্তৰ দাবী জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in