লকডাউনঃ গোৱালপাৰাত আৰিছে পথ বন্ধৰ ফলক…

লকডাউনঃ গোৱালপাৰাত আৰিছে পথ বন্ধৰ ফলক…

ডিজিটেল সংবাদ, গোৱালপাৰা: গোৱালপাৰাত তিনিজনকৈ ব্যক্তি কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ হোৱাৰ পাছতে সমগ্ৰ জিলাখনতে লকডাউনৰ ব্যাপক প্ৰভাৱ পৰিছে। উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বুধবাৰে মাজনিশা নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে দিল্লী নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহা গোৱালপাৰাৰ তিনিজনকৈ লোকৰ দেহত ঘাতক কোৰোনা ভাইৰাছ ধৰা পৰা বুলি ঘোষণা কৰে।

এই ঘোষণাৰ পাছতে বুধবাৰৰ মাজনিশাৰ পৰাই সমগ্ৰ জিলাখনত আতংকময় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে দেশজুৰি চলি থকা লকডাউনৰ ব্যাপক প্ৰভাৱ পৰিছে জিলাখনত। সমগ্ৰ জিলাৰ অধিকাংশ গ্ৰাম্য অঞ্চলৰ লগতে গোৱালপাৰা চহৰৰ প্ৰতিটো ৱাৰ্ডৰ পথ, উপ-পথত অকৃতিত্বশীলভাৱে 'পথ বন্ধ','প্ৰৱেশ নিষিদ্ধ'ৰ ফলক আঁৰি থৈছে স্থানীয় ৰাইজে।ফলত জৰুৰীকালীন অৱস্থাত আৰক্ষী, নিৰাপত্তাৰক্ষীকে ধৰি এম্বুলেঞ্চ অহা-যোৱা কৰাত প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে।

ঘাতক কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিহত কৰিবলৈ চৰকাৰ-প্ৰশাসনে বলবৎ কৰা লকডাউনক চৰম ভেঙুচালি কৰি অনাহকত বাট-পথে আৰু ইঘৰে-সিঘৰে টিঘিলঘিলাই ঘূৰি ফুৰি নিজৰ লগতে আত্মীয় আৰু প্ৰতিবেশীৰ জীৱনলৈ সংশয় নমাই অনা জিলাখনৰ একাংশ অঞ্চল তথা ৱাৰ্ডৰ ৰাইজে প্ৰশাসনৰ কোনো অনুমতি নোলোৱাকৈয়ে হেঙাৰ, ফলক আঁৰি থৈছে। কোনো কোনো অঞ্চল আৰু ৱাৰ্ডত পুলিচৰ টিকাকৰণৰ পৰা হাত সাৰিবলৈয়ে এনেদৰে হেঙাৰ আঁৰি থোৱা বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

পথ বন্ধৰ ফলক আৰু হেঙাৰ আঁৰি একাংশ অঞ্চল আৰু চহৰৰ ৱাৰ্ডত সামাজিক দূৰত্ব বজাই ৰখাৰ জৰুৰী নীতি-নিয়মক অংগুষ্ঠ প্ৰদৰ্শন কৰি জুম বান্ধি আড্ডা দিয়াৰ অভিযোগো উত্থাপন হৈছে। গোৱালপাৰা চহৰৰ নয়াপাৰাত থকা 'ৰবি এজেঞ্চি' আৰু ট্ৰান্সপ'ৰ্টৰ 'অধিকাৰী পেপাৰ এজেঞ্চি' নামৰ দুটাকৈ সংবাদ পত্ৰৰ এজেঞ্চিৰ হকাৰসকল সমস্যাৰ সন্মুখীন হৈছে। ফলত শুকুৰবাৰৰ পৰা লকডাউন শিথিল নোহোৱালৈকে এই দুটা কাকত এজেঞ্চিয়ে হকাৰৰ জৰিয়তেও কাকত বিতৰণ কৰা বন্ধ কৰিছে।

উল্লেখ্য যে, লকডাউন বলবৎ হোৱাৰে পৰা এজেঞ্চি দুটাই কাকত বিক্ৰি কৰা কাউণ্টাৰসমূহ বন্ধ ৰাখিলেও কোৰোনা ভাইৰাচৰ আতংকৰ মাজতে নিজৰ জীৱনক তুচ্ছ কৰিও এজেঞ্চি দুটাৰ কেইজনমান দায়িত্বশীল হকাৰে চাইকেলৰ টিলিঙা মাৰি লকডাউনৰ নিৰ্জন পৰিৱেশ ভংগ কৰি দুৱাৰে দুৱাৰে বাতৰি কাকত বিতৰণ কৰি আছিল।

জানিব পৰা মতে, অধিকাৰী পেপাৰ এজেঞ্চিৰ মুঠ ১৬ জন কাকত বিতৰণ কৰা হকাৰ আছে।কিন্তু এই ১৬ জন হকাৰৰ ভিতৰত মাত্ৰ চাৰিজন হকাৰক দুখন পাচত কাকত বিতৰণ কৰিবলৈ সদৰ আৰক্ষীয়ে বিশেষ পাচ প্ৰদান কৰিছে।ফলত দুখন পাচত চাৰিজন হকাৰে কাকত বিতৰণ কৰাত অসুবিধা ভোগ কৰি আহিছে।ৰবি এজেঞ্চিৰ ক্ষেত্ৰটো একেই ঘটিছে।এজেঞ্চি দুটাই হকাৰৰ বিশেষ পাছ বঢ়াই দিবলৈ সদৰ আৰক্ষীক আবেদন কৰিছে।কিন্তু দুই-তিনিদিন আৰক্ষী থানাত জনোৱাৰ পাছতো পাছ পাবলৈ সক্ষম হোৱা নাই।

এজেঞ্চি দুটাই হকাৰৰ জৰিয়তে কাকত বিতৰণ বন্ধ কৰাৰ এইটোও এটা অন্যতম কাৰণ বুলি বিবেচিত হৈছে।শুকুৰবাৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই অনুষ্ঠিত কৰা সংবাদমেলত অকৃত্বশীল পথৰ ওপৰত আঁৰি হোৱা হেঙাৰ আৰু চহৰত কাকত বিতৰণ বন্ধ হৈ পৰা বিষয়টো উত্থাপিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in