গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO

গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ ৰংজুলিত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক, ৰাভা মহিলা পৰিষদৰ পঞ্চম ত্ৰি-বাৰ্ষিক আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ অধিৱেশন। ৰাভা পৰম্পৰাগত সাজপাৰ পৰিধানেৰে হিলদল ভাঙি ওলাই ৰাভা জনগোষ্ঠীৰ লোকসকল অধিৱেশনস্থলীত৷

দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন, বৃক্ষৰোপন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ বিপৰীতে "ৰাভা জাতি গঠন প্ৰক্ৰিয়াত ৰাভা যুৱ সমাজৰ ভূমিকা, দ্বায়িত্ব আৰু কৰ্তব্য" শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ ইয়াৰ আগে আগে মুখপত্ৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷

উল্লেখ্য যে, ৰাভা জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যৰ উপৰিও অধিৱেশনৰ লগত সংগতি ৰাখি ৰাভা জাতীয় "পাজাৰ" প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷ মঙলবাৰৰ অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মকুলি সভা অনুষ্ঠিত হ'ব ৷ মৰুলি সভাত মুখ্য অতিথি হিচাপে অসমৰ জনসিঞ্চন, ৰাজহ আৰু দুৰ্য্যোগ প্ৰশমন মন্ত্ৰী ভৱেশ কলিতা, ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, বিধায়ক দীপক কুমাৰ ৰাভা উপস্থিত থাকিব ৷

আনহাতে এই অধিৱেশনৰ দ্বিতীয় প্ৰতিনিধি সভাত জিলা আৰছুৰ পুৰণি সমিতি ভংগ কৰি অসীম কুমাৰ ৰাভাক সভাপতি, বাসুদেৱ ৰাভাক উপ-সভাপতি আৰু বিৰঞ্জন ৰাভাক সম্পাদক হিচাপে লৈ নতুন জিলা আৰছুৰ সমিতি গঠন কৰা হয় ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in