গোৱালপাৰাত জংগী আন্দোলন, প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ

গোৱালপাৰাত জংগী আন্দোলন, প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ জাতীয় জীৱনৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বুধবাৰে পুৱা গোৱালপাৰাৰ ভালুকডুবিত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘোষণা কৰা জংগী আন্দোলন ক্ৰমশ: উত্তাল হৈ পৰিছে।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী মোডিৰ পুত্তলিকা ৰাজপথৰ দাঁতিৰ আঁহত গছত ৰাজহুৱাভাৱে ফাঁচি দি, জুই লগাই প্ৰতিবাদ সাব্যস্ত কৰে। তাৰে কেইঘণ্টামান পিছত দুপৰীয়া ২.৩০ মান বজাত পুনৰ সংগঠনটোৱে ভাতৃ সংগঠন ছাত্ৰ মুক্তিৰ সহযোগত গোৱালপাৰা চহৰৰ মাজমজিত প্ৰতিবাদী সমদল উলিয়াই চহৰৰ ট্ৰান্সপ'ৰ্টৰ ট্ৰেফিক পইন্টত ৰাজপথৰ ওপৰত শুই প্ৰতিবাদ সাব্যস্ত কৰে।

কৃষক-ছাত্ৰ মুক্তিয়ে হঠাতে উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষী-চি আৰ পি এফৰ জোৱানসকলে কিংকৰ্তব্য বিমূৰ হৈ পৰা পৰিলক্ষিত হয়। প্ৰতিবাদী সমদলকাৰীসকলে দাহ কৰিবলৈ অনা জাতিধ্বংসী বিধেয়কৰ প্ৰতিলিপিক লৈ ট্ৰাফিক পইন্টৰ কৰ্তব্যৰত আৰক্ষীৰ সৈতে টনা-আজোৰাও লাগে। অৱশেষত প্ৰতিবাদকাৰীসকলে ট্ৰেফিক পইন্টৰ ৰাজপথৰ ওপৰত শুই পৰি সৰ্বানন্দ হুঁচিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ, জাতিধ্বংসী বিধেয়ক বাতিল কৰিবই লাগিব, ৰাইজৰ দাবী মানিবই লাগিব, বিজেপিৰ দাদাগিৰি নচলিব আদি শ্ল'গান দি ব্যস্ত ৰাজপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে।

ইফালে, হঠাৎ হোৱা এই প্ৰতিবাদত নিমিষতে শতাধিক পথচাৰীয়ে কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ এই আন্দোলনত চামিল হোৱাত ৰাজপথত ব্যাপক যান-জঁটৰ সৃষ্টি হয় আৰু কৰ্তৱ্যৰত সিমিত ট্ৰেফিক পুলিচ আৰু চি আৰ পি এফৰ জোৱানসকলে কিংকৰ্তব্য বিমূৰ হৈ পৰিলক্ষিত হয়। আধা ঘণ্টাতকৈও অধিক সময় আৰক্ষী-প্ৰতিবাদীৰ সৈতে টনা-আজোৰা চলে।

অৱশেষত আৰক্ষী আৰু চি আৰ পি এফৰ জোৱানসকলে পথ অৱৰোধকাৰীসকলক টানি-চোচৰাই নিয়ে ৰাজপথৰ দাঁতিলৈ। বুধবাৰৰ দিনটোৰ ভিতৰতে প্ৰতিবাদকাৰীসকলে জাতিধ্বংসী বিধেয়ক বাতিল নকৰিলে এই জংঘী আন্দোলনে গণতান্ত্ৰিক যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি সকিয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in