গোৱালপাৰাত কংগ্ৰেছৰ বিজয় ৰথ অব্যাহত

গোৱালপাৰাত কংগ্ৰেছৰ বিজয় ৰথ অব্যাহত

ডিজিটেল সংবাদ, গোৱালপাৰাঃ ৪টা বিধানসভা সমষ্টিৰ দ্বাৰা গঠিত গোৱালপাৰা জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছ প্ৰভাৱিত জিলাখনত বিজেপি তথা যৌথ সংগ্ৰাম সমিতিৰ উত্থান পৰিলক্ষিত হ'লেও বৰ্তমানলৈকে ঘোষিত ফলাফলৰ গতিবিধিয়ে চাৰিওটা বিধানসভা সমষ্টি তথা জিলা পৰিষদত কংগ্ৰেছ দলৰ আধিপত্যই অব্যাহত থকাৰ ইংগিত দিছে।

উল্লেখ্য যে দুধনৈ, পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা আৰু জলেশ্বৰ সমষ্টিৰ ১৬ টা জিলা পৰিষদীয় সমষ্টিৰ বৰ্তমানলৈকে ঘোষণা কৰা ফলাফল মতে ৩খনত কংগ্ৰেছৰ প্ৰাৰ্থী আৰু এখনত ৰাভা যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে ভোটগণনা চলি থকা আন সমষ্টিসমূহৰ ভিতৰত ৩টাত বিজেপি আৰু ১টাত যৌথ সংগ্ৰাম সমিতিৰ লগতে দুটা সমষ্টিত এআইইউডিএফৰ অগ্ৰগতি পৰিলক্ষিত হ'লেও বাকী কেউটা সমষ্টি কংগ্ৰেছ দলে লাভ কৰাতো একপ্ৰকাৰ নিশ্চিত।

আনহাতে, ৮১টা আঞ্চলিক পঞ্চায়তৰ সমষ্টিৰ ৫ বজা পৰ্যন্ত ঘোষিত ফলাফল অনুসৰি ২৪টাতে কংগ্ৰেছ দলে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে বিজেপি দলে ১৩, এআইইউডিএফ দলে ৫ আৰু ১২ খন আসন যৌথ সংগ্ৰাম সমিতি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছে। সেইদৰে, গাঁও পঞ্চায়ত সভাপতিৰ ৮১ টা পদৰ বৰ্তমানলৈকে ঘোষিত ফলাফলত কংগ্ৰেছ দলে ২১ খন, বিজেপিয়ে ৮খন, এআইইউডিএফে ৬খন আৰু নিৰ্দলীয়ই ১৭ খন আসন লাভ কৰিছে।

লক্ষণীয়ভাৱে জিলাখনৰ তিনিওটা সমষ্টিতে পঞ্চায়ত সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য ক'তো এখনো আসন লাভ কৰিবলৈ সমৰ্থ হোৱা নাই অগপ দলে। কেৱল ৮১০খন গাঁও পঞ্চায়তৰ সদস্যৰ ৪৯২ সদস্য পদৰ ফলাফলৰ ভিতৰত ১০খন আসন অগপ দলে লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ১৬৫খন, বিজেপিয়ে ৮৫ খন, এআইইউডিএফে ৩৪খন আৰু নিৰ্দলীয়ই ১৯৬খন আসন লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in