গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন…

গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন…

ডিজিটেল সংবাদ, গোৱালপাৰা: আৰক্ষীৰ এক বৰ্বৰ কৰ্মকাণ্ডক লৈ সম্প্ৰতি পশ্চিম গোৱালপাৰা উত্তাল হৈ পৰিছে। এগৰাকী নিৰীহ যুবকক চুৰিৰ সন্দেহত সোধ-পোছৰ নামত ঘৰৰ পৰা উঠাই আনি গোটেই নিশা তেওঁৰ ওপৰত চলোৱা হয় অমানৱীয় আৰু পাশৱিক নিৰ্যাতন। পাছত অৰ্ধমৃত অৱস্থাত আৰক্ষীয়ে পৰিয়ালৰ লোকক তেওঁক চমজাই দিয়ে।

সম্প্ৰতি সংকটজনক অৱস্থাত যুৱকজন চিকিৎসাধীন হৈ আছে।এই ঘটনাটো সংঘটিত হৈছে পশ্চিম গোৱালপাৰাৰ বগুৱান থানাত। বগুৱান থানাৰ অ' চি ছাবিৰ আলীৰ নেতৃত্বত সংঘটিত এই ঘটনাত ক্ষুব্ধ হৈ পৰা জনতাই শুকুৰবাৰে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰাপ্ত তথ্য মতে বগুৱান থানাৰ অন্তৰ্গত ধুমবান্ধা গাঁৱৰ শুকুৰ আলী নামৰ এজন লোকৰ গৃহত কিছুদিন পূৰ্বে এক গহণা চুৰিৰ ঘটনা সংঘটিত হয়।

অভিযোগ অনুসৰি অন্ধবিশ্বাসী শুকুৰ আলীয়ে পাছত এগৰাকী কবিৰাজক মাতি আনি গহণাৰ সন্ধান আৰম্ভ কৰে।ভণ্ড কবিৰাজে শুকুৰ আলীৰ গৃহৰ সমীপৰে আব্দুৰ ৰহমানৰ পুত্ৰ নুৰল ইছলাম (২০)ক উক্ত চুৰি কাৰ্যৰ বাবে সন্দেহ কৰে।সেইমতে শুকুৰ আলীয়ে বগুৱান থানাত এজাহাৰ দাখিল কৰে।পাছত আৰক্ষীয়ে যোৱা ১৫ ছেপ্তেম্বৰত নুৰুল ইছলামক সোধ-পোছৰ বাবে নিজ বাসগৃহৰ পৰা আটক কৰি আনে।

নিৰীহ যুবক এগৰাকীক আৰক্ষীয়ে আটক কৰি নিয়াৰ ঘটাত স্থানীয় ৰাইজে হতবাকহৈ পৰে।লগে লগে একাংশ ৰাইজে থানাৰ উপস্থিত হৈ ধৃত যুবকজন নিৰ্দোষী বুলি আৰক্ষীক পতিয়ন নিয়াব বিচাৰে যদিও আৰক্ষীয়ে ৰাইজৰ কথাত মান্তি নহয়।বৰং আৰক্ষীয়ে দুদিন ধৰি যুবকজনক থানাতেই আবদ্ধ কৰি ৰাখি তেওঁৰ ওপৰত পাশৱিক অত্যাচাৰ চলোৱা বুলি অভিযোগ উঠিছে।

অভিযোগ অনুসৰি আৰক্ষীৰ অমানুষিক অত্যাচাৰত যুবকজনৰ অৱস্থা সংকটজনক হৈ পৰে।অৱস্থা বিষম দেখি আৰক্ষীয়ে যুবকজনক অৰ্ধমৃত অৱস্থাত যোৱা ১৭ ছেপ্তেম্বৰত নিশাৰ ভাগত পৰিয়ালক চমজাই দিয়ে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় শ শ ৰাইজ শুক্ৰবাৰে বাঁশবাৰীত ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

'আৰক্ষী বিষয়া ছাবিৰ আলীৰ গুণ্ডাৰাজ নচলিব', 'অসম আৰক্ষী হায় হায়', 'নিৰীহ যুবক নুৰুল ইছলামক ন্যায়' দিয়ক' ইত্যাদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে।দীৰ্ঘ সময় ধৰি ৰাজপথ অৱৰোধ কৰি ৰখাৰ ফলত পথৰ দুয়োদিশে যান-বাহন আবদ্ধ হৈ পৰে।প্ৰতিবাদকাৰী একাংশ ৰাইজৰ অভিযোগ অনুসৰি বগুৱান থানাত ছাবিৰ আলীয়ে যোগদান কৰাৰ পিছৰে পৰাই নিৰীহ জনতাৰ ওপৰত অঘোষিত পুলিচগিৰি গুণ্ডাৰাজ চলাই আহিছে ।

থানাখনৰ চৌহদ একাংশ দালাল আৰু অসামাজিক লোকৰ আড্ডাথলীলৈ ৰূপান্তৰিত হোৱা বুলিও একাংশ ৰাইজে অভিযোগ কৰে।এনে এক কলংকিত আৰক্ষী বিষয়াক অবিলম্বে চাকৰিৰ পৰা নিলম্বিত কৰাৰ লগতে দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে ৰাইজে চৰকাৰক দাবী জনাইছে।অন্যথা ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব বুলি প্ৰতিবাদী জনতাই সকিয়াই দিয়ে।

উল্লেখ্য যে আৰক্ষীৰ নিৰ্যাতনৰ বলি হোৱা অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ সন্তান নুৰুল ইছলামক চিকিৎসাৰ বাবে ৰাইজে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও অৱস্থা সংকটজনক হৈ পৰাত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

কিন্তু নিৰ্যাতিত যুবকগৰাকী সম্প্ৰতি গোৱালপাৰাৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিছনাত জীৱন-মৃত্যুৰে যুঁজি আছে।অসম আৰক্ষীক লজ্জানত কৰা এই বৰ্বৰ ঘটনা সংক্ৰান্তত এতিয়া আৰক্ষীৰ ঊৰ্ধতম কৰ্তৃপক্ষ তথা সৰ্বানন্দ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in