গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ

গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড,  মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ সিধাবাৰীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে৷ অতি নৃশংসভাৱে মাতৃ-পুতেৰ ডিঙি কাটি মৃতদেহ পেলাই থ'লে কালৰ্ভাটৰ তলত৷ মাতৃ গৰাকীৰ ডিঙি কাটি মৃতদেহৰ পৰা কিছু নিলগত পেলাই থোৱাৰ লগতে প্ৰায় ৫ বছৰীয়া শিশুটিক ডিঙিত ঘপিয়াই হত্যা কৰে৷

হত্যাৰ বলী হোৱা মহিলাগৰাকীৰ নাম জায়দা ভানু আৰু শিশুটিৰ নাম হৈছে জামিৰুল ইছলাম৷ ইফালে মহিলা গৰাকীৰ পৰিয়ালে অভিযোগ কৰা মতে, মহিলাগৰাকীৰ স্বামী ইয়াকুব আলীয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে৷ যোৱা কিছুদিনৰ পৰাই স্বামী-পত্নী গৰাকীৰ মাজত পাৰিবাৰিক কাজিয়া হৈ আছিল৷ ইফালে মৃতদেহটোৰ পৰা প্ৰায় ৫০ মিটাৰ দূৰত হত্যাকাণ্ডত সংঘটিত কৰা দা খন আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

নিজৰ পত্নী আৰু সন্তানক হত্যা কৰাৰ পিছত অপৰাধী স্বামী তথা পিতৃজন পলাতক অৱস্থাত আছে৷ মহিলা গৰাকীৰ পৰিয়ালৰ লোকে মাটিয়া থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। হত্যাকাণ্ডৰ খবৰটো বিয়পি পৰাৰ লগে লগে আঞ্চলটোৰ মানুহে থানাত ভিৰ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in