মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে কঁপালে গোৱালপাৰাৰ ৰাজপথ

মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে কঁপালে গোৱালপাৰাৰ ৰাজপথ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী সংস্থাক গতোৱাৰ চৰকাৰৰ হঠকাৰী সিদ্ধান্ত আৰু ৰন্ধন কৰ্মচাৰীসকলৰ বিভিন্ন ন্যাৰ্য প্ৰাপ্তিৰ দাবীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ গোৱালপাৰা জিলা সমিতিৰ কেইবাশতাধিক প্ৰতিবাদীকাৰীয়ে শুকুৰবাৰে প্ৰতিবাদী মিছিল উলিয়াই ৰাজপথ কঁপায়। উল্লেখ্য যে, ৰাজ্য চৰকাৰে শেহতীয়াকৈ মধ্যাহ্ন ভোজন আঁচনিখন বেচৰকাৰীকৰণ কৰি সমগ্ৰ ৰাজ্যৰ দৰিদ্ৰ ৰন্ধন কৰ্মচাৰী বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাজ্য চৰকাৰৰ মেম' নং এছ এছ এ/এম ডি এম/ই০১/চেণ্ট্ৰেলাইজ কিটচেন/২৬/২০১৮/৫২৯৪-কে পত্ৰৰ যোগে ৰাজ্যখনৰ ২৮খন জিলাৰ প্ৰাথমিক বিদ্যালয়বোৰত কেন্দ্ৰীয় ৰন্ধনশালৰ জৰিয়তে ১৫ টা স্বেচ্ছাসেৱী বেচৰকাৰী সংস্থাক মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব দিছে। চৰকাৰৰ এই সিদ্ধান্তই ইমানদিন অতি নিম্নমানৰ মাননিৰে নিষ্ঠাৰে দায়িত্ব পালন কৰি অহা দৰিদ্ৰ হেজাৰ হেজাৰ ৰন্ধন কৰ্মচাৰীসকলক বাৰুকৈয়ে উদ্বিগ্ন কৰি তুলিছে।

বিশেষকৈ কেন্দ্ৰীকৰণ ৰন্ধনশালে তথা ইয়াৰ দায়িত্ব বেচৰকাৰী সংস্থাক হস্তান্তৰ কৰাৰ সিদ্ধান্তই বিগত ২০০৫ চনৰ পৰা আঁচনিত জৰিত ৰন্ধন কৰ্মীসকলৰ সামান্য কামটোও অনিশ্চিত হৈ পৰিছে। মহিলা সবলিকৰণৰ কথা কোৱা চৰকাৰখনে ২০০৯ চনৰ পৰা মাহে মাত্ৰ ১ হেজাৰ টকাকৈ ৰন্ধন কৰ্মীসকলক সামান্য মাননি দি আহিছে। তাকো বছৰটোৰ ১০মাহৰ বাবেহে।

মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী সংস্থাক গতোৱাৰ চৰকাৰী হঠকাৰী সিদ্ধান্ত পৰিহাৰৰ দাবীকে ধৰি কৰ্মচাৰীসকলক বছৰটৌৰ বাৰ মাহে ৫হেজাৰ অতিৰিক্ত মাননি দিয়া, প্ৰসূতিকালীন ছুটি, ৪ লাখকৈ বীমাৰ সুবিধা প্ৰদান, বছৰটোত দুযোৰকৈ কাপোৰ দিয়া আদিকে ধৰি সামাজিক সুৰক্ষা প্ৰদানৰ দাবীত ৩ শতাধিক ৰন্ধন কৰ্মচাৰীয়ে ধুবুৰী বাছষ্টেণ্ডৰ পৰা চহৰৰ মাজমজিয়াৰে বেনাৰ, ফেষ্টুন লৈ আমাৰ দাবী মানিবই লাগিব, ৰন্ধন কৰ্মী জিন্দাবাদ, আমাৰ পেটত গোৰ নামাৰিব আদি বিভিন্ন শ্ল'গানেৰে মিছিল উলিয়াই ৰাজপথ কঁপাই তোলে।

পিছত প্ৰতিবাদী ৰন্ধন কৰ্মচাৰীসকলে মিছিল জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাললৈ এখনি চাৰিদফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে। শুকুৰবাৰৰ এই প্ৰতিবাদী মিছিলটোত জিলা চিপিআইএম, চি আই টি ইউ আদিৰ নেৰ্তৃত্ববৃন্দই সহযোগ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in