গোৱালপাৰাত লকডাউনৰ সময়ত শূণ্য ৰাজপথ, আইন অমান্য কৰা লোকক শিক্ষা দিলে আৰক্ষীয়ে…

গোৱালপাৰাত লকডাউনৰ সময়ত শূণ্য ৰাজপথ, আইন অমান্য কৰা লোকক শিক্ষা দিলে আৰক্ষীয়ে…

ডিজিটেল সংবাদ, গোৱালপাৰাঃ সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰিছে। ইয়াৰ বিপৰীত নহয় গোৱালপাৰা জিলাও। লকডাউনৰ বিগত দুটা দিনত গোৱালপাৰা চহৰত দেখা গ'ল নিমাওমাও পৰিৱেশ। যেন প্ৰকৃতিৰ মাজলৈ চহৰখন পুনৰ উভতি আহিছে। যানবাহনৰ ক'লা ধোৱা, ধূলি আৰু যান্ত্ৰিক শব্দ প্ৰদূষণ তথা শ শ টেম্প'ৰ বিকৎ শব্দই অহৰহ আমনি কৰি অহা চহৰবাসীক লকডাউনে কিছু সকাহ দিছে। শব্দ প্ৰদূষণৰ ফলত তল পৰি থকা ভিন্ন চৰাই-চিৰিকতিৰ কলৰব আৰু বসন্ত পক্ষীৰ গানত এই দুটা দিনত মুখৰ হৈ পৰিছে গোৱালপাৰা চহৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চল।

চহৰৰ উদং ৰাজপথত বিচৰণ কৰিছে কেবল উদঙীয়া গৰু আৰু কুকুৰ। অৱশ্যে নিৰাপত্তাৰক্ষী, স্বাস্থ্য আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহন আৰু কৰ্মীসকলে সময়ে সময়ে অহা-যোৱা কৰা পৰিলক্ষিত হৈছে। নিজৰ লগতে পৰিয়াল, প্ৰতিবেশী, ৰাজ্য আৰু সমগ্ৰ দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণক ব্লেক ডাউন কৰিবলৈ লকডাউনৰ সময়ত বিশেষ প্ৰয়োজন নহ'লে ঘৰৰ বাহিৰ নহ'বলৈ প্ৰশাসন তথা তথ্য আৰু জনসংযোগ বিভাগে বাৰম্বাৰ মাইকযোগে চহৰৰ অলিয়ে-গলিয়ে ঘোষণা কৰি আছে। কিন্তু একাংশ অবিবেচক লোকে অকাৰণত চহৰৰ ৰাজপথত বাইক-চাইকেল লৈ টিঘিলঘিলাই ফুৰিছে।

বুধবাৰে চহৰৰ ট্ৰান্সপ'ৰ্ট, ময়লাপোটা, বি অ'চি, বৰপাহাৰৰ ঘুলটুং বজাৰ, কাৰবলা, ভালুকডুবি, গোৱালটুলি আদিত আৰক্ষীয়ে এনে লোকৰ পিঠিও বহল কৰা পৰিলক্ষিত হৈছে। একাংশ উপকণ্ঠ অঞ্চলত অপ্ৰয়োজনীয় সৰু সৰু দোকান-পোহাৰসমূহ খুলি জনসমাগম ঘটাইছে। বৰপাহাৰ, বলদমাৰী চৰত উদঙীয়া ডেকাই ক্ৰিকেটো খেলিবলৈ লৈছে। ইয়াৰ বিপৰীতে কৃষ্ণাই, আগিয়া, লক্ষীপুৰ, জলেশ্বৰ, মাটিয়া, দলগোমা, সিধাবাৰী আদি গ্ৰাম্য অঞ্চলত একাংশ লোক বাহিবলৈ ওলাই আহি বিপজ্জনকভাৱে সমবেত হৈ আহিছে। লক ডাউনৰ প্ৰভাৱ পৰা নাই একাংশ অসম-মেঘালয় সীমান্তৱৰ্তী গাঁৱত।

এই অবিবেচক লোকসকলৰ বাবে সমগ্ৰ জিলাখনৰ আৰক্ষী আৰু নিৰাপত্তৰক্ষীসকল হাবাথুৰি খোৱা পৰিলক্ষিত হৈছে। আৰক্ষী-নিৰাপত্তৰক্ষীসকলে পহু খেদা দি উভতি অহাৰ পিছ মুহূৰ্ততে পুনৰ সেই লোকসকল বাহিৰলৈ ওলাই অহা খবৰ পোৱা গৈছে। লকডাউনৰ প্ৰথম দিনৰ বিয়লি চহৰকে ধৰি জিলাখনৰ গ্ৰাম্য অঞ্চলৰ গেলামালৰ দোকান সমূহত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ বহুলোকে বিপজ্জনকভাৱে ভিৰ কৰা পৰিলক্ষিত হৈছিল যদিও বৃহস্পতিবাৰে ইয়াৰ বিপৰীত ছবি দেখা গৈছে।ঔষধ, গেলামাল আদি অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ ওলাই অহা লোকসকলে সুশৃংখলভাৱে সামাজিক দূৰত্ব বজাই ৰাখি বয়-বস্তু ক্ৰয় কৰা পৰিলক্ষিত হৈছে।

এইক্ষেত্ৰত আৰক্ষীয়ে উল্লেখ্যযোগ্য ভূমিকা লৈছে। অকাৰণত লক ডাউন ভংগ কৰা লোকক আৰক্ষী পিঠি বহল কৰাত সামাজিক মাধ্যমত সমালোচনা হৈছে যদিও আৰক্ষীয়ে 'টিকাকৰণ' কৰি উচিত শিক্ষা দিছে বুলি আৰক্ষীক প্ৰশংসা কৰিছে। আৱৰ্জনা আৰু দুৰ্গন্ধত গেলি থকা চহৰখনক পৰিস্কাৰ কৰাত লাগি পৰিছে গোৱালপাৰা পৌৰ সভা। কিন্তু নিজৰ জীৱনক তুচ্ছ কৰি চাফাই কৰ্মীসকলে চাফাই কামত লাগি থকা পৰিলক্ষিত হৈছে। কোৰোনা ভাইৰাছৰ দৰে মাৰত্মক ভাইৰাচৰ সংক্ৰমণৰ পৰা চহৰবাসীক ৰক্ষা কৰিবলৈ পৌৰসভাই চাফাই কৰ্মীসকলক মুখত লগোৱা মাক্সৰ বাহিৰে আন কোনো হাট মোজা বা আইন উপকৰণ দিয়া পৰিলক্ষিত নহ'ল।

এইদৰে বিপজ্জনকভাৱে কাম কৰি থকা পৌৰ চাফাই কৰ্মীসকলক হাত মোজা আৰু অইন উপকৰণ যোগান ধৰিবলৈ পৌৰসভাৰ উপ-সভাপতি গোপি ঘোষক সংবাদকৰ্মীয়ে অনুৰোধ জনাইছিল যথিও উপ-সভাপতিজনে সংবাদকৰ্মীজনক বেপোৰোৱাভাৱে উত্তৰ দিয়ে। ফলত বৃহস্পতিবাৰেও চাফাই কৰ্মীসকল উপকৰণ নোহোৱাকৈয়ে নিজৰ জীৱনক বিপন্ন কৰি চাফাই কৰি থকা পৰিলক্ষিত হৈছে। ইপিনে বৃহস্পতিবাৰে জিলা প্ৰশাসনে এছ ডি আৰ এফ, অগ্নি আৰু আপাদকালীক সেৱাৰ জৰিয়তে ট্ৰান্সপ'ৰ্টৰ মাছ বজাৰকে ধৰি দুৰ্গন্ধময় একেকাসমূহ ছেনেটাইজ কৰা পৰিলক্ষিত হৈছে। আৰক্ষী প্ৰশাসনেও চহৰৰ অঞ্চল ভেদে খোৱা পানীৰ পেকেট আৰু কিছু সংখ্যক দৰিদ্ৰ ৰাইজক চাউল-দাইল বিতৰণ কৰা পৰিলক্ষিত হৈছে।

বহিঃৰাজ্যৰ পৰা কাম কৰি ঘূৰি আহি কোনো স্বাস্থ্য পৰীক্ষা নকৰাকৈ থকা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে জিলাখনৰ দায়িত্বশীল সংবাদ কৰ্মী সকলে আৰক্ষীক যোগান ধৰা নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত। এনেলোকে স্বাস্থ্য পৰীক্ষা নকৰাকৈ ঘৰত আত্মগোপন কৰি থাকিলে বা কোনোৱে কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ হ'লে, কোনো অঞ্চলত লকডাউন ভংগ হ'লে অপপ্ৰচাৰ নকৰি জিলা নিয়ন্ত্ৰণ কক্ষলৈ যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে জিলা প্ৰশাসনে। ইয়াৰ বাবে কেইটামান নম্বৰো দিছে প্ৰশাসনে। নম্বৰ কেইটা হ'ল-১০৭৭ (টোলফ্ৰি) ০৩৬৬৩-২৪৩০৪৩, ৮৮৭৬৬৪২৪৯২, ৮৬৩৮৪০৯০৭২, ৯৪৩৫৭৩৭৪৫০। ৰাইজক অনাহকত ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ আৰক্ষীয়ে দিনে-নিশাই মাইক যোগে ঘোষনা কৰি আছে। আইন ভংগ কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি সকিয়নি দিছে আৰক্ষী প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in