অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত…

অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত…

ডিজিটেল সংবাদ, গোৱালপাৰা: গোৱালপাৰা জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ চৰম অকৰ্মন্যতা আৰু গাফিলতিৰ বাবেই অৱশেষত সোমাবাৰে পুৱা ছিগিল লক্ষীপুৰ ৰাজহ চক্ৰৰ অধীনস্থ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ। সময় মতে মেৰামতি নকৰা দুৰ্বল নদীবান্ধটো বিগত প্ৰায় ৪০ দিন পূৰ্বে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি সাধন কৰিছিল।

এই সন্দৰ্ভত স্থানীয় ভীতিগ্ৰস্ত ৰাইজ আৰু জিলাখনৰ বিভিন্ন দল-সংগঠনে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগক বাৰংবাৰ দৃষ্টিগোচৰ কৰি আহিছিল।কিন্তু ৪০ দিন অতিবাহিত কৰাৰ পিছতো কোনো এটি পক্ষই জলেশ্বৰৰ চিলাৰভিটা-কাঠুৰীৰ এই ক্ষতিগ্ৰস্ত নদীবান্ধটো মেৰামতি কৰিবলৈ অকণো যত্ন নকৰিলে।দেওবাৰে বিয়লি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সাংগোপাংগোসহ বিধ্বস্ত নদীবান্ধটো পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু তৎকালীনভাৱে ক্ষতিগ্ৰস্থ অংশসমূহ মেৰামতি কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে।কিন্তু অতি স্পৰ্শকাতৰ হৈ থকা ক্ষতিগ্ৰস্থ নদীবান্ধটোৰ অংশসমূহ তৎকালীনভাৱে বৈজ্ঞানিক পদ্ধতিৰে মেৰামতি কৰিবলৈ জিলা প্ৰশাসন বা জলসম্পদ বিভাগে কোনো গুৰুত্ব নিদিলে।

বৰং থলুৱা পদ্ধতিৰে মথাউৰিটো সুৰক্ষিত কৰিবলৈ লাগি পৰিল বিভাগ।ফলত কেইঘণ্টামানৰ পিছতে সোমবাৰে পুৱা ৫ মান বজাত চিলাৰভিটাৰ বিধ্বস্ত নদীবান্ধটোৰ এশ মিটাৰমান অংশ ছিগি যায়।সম্প্ৰতি ছিগি যোৱা অংশেৰে হুৰাহুৰে নদীৰ পানী সোমাই ইখনৰ পিছত সিখন গাঁও প্লাবিত হৈ পৰে।

বৰ্তমান যি হাৰত হুৰাহুৰে ছিগি যোৱা বান্ধৰ অংশেৰে পানী সোমাই আছে,সেই হিচাপত আগত ২৪ ঘণ্টাত জলেশ্বৰ লক্ষীপুৰৰ অধিকাংশ গাঁও বানৰ কৱলত পৰাটো নিশ্চিত হৈছে।ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বাঢ়িলে লক্ষীপুৰ টাউনকে ধৰি লক্ষীপুৰ আৰু জলেশ্বৰৰ ডেৰ শতাধিক ৰাজহ গাঁৱত জলপ্ৰলয় হোৱাৰ আশংকাত সৰ্বসাধাৰণ ৰাইজে ভীতিগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে।

ভীতিগ্ৰস্ত ৰাইজে জীৱ-জন্তু আৰু সা-সম্পদলৈ মথাউৰি আৰু নিৰাপদ স্থানলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে।অকৰ্মন্য জিলা প্ৰশাসনে নদীবান্ধটো ছিগি যোৱাৰ পূৰ্বে ৯২ খন গাঁৱক সতৰ্কবাণী কৰিয়েই দায়িত্ব সামৰিছে। ক্ষতিগ্ৰস্ত নদীবান্ধটোৰ অংশসমূহ মেৰামতিৰ বাবে কোনো উপযুক্ত বা বৈজ্ঞানিক পদক্ষেপ নল'লে।নদীৰ জলপৃষ্ঠ আৰু স্ৰোত বাঢ়িলে চিলাৰভিটা-কাঠুৰীৰ আৰু কেইবাটাও অংশ ছিগি যোৱাৰ আশংকা ঘনীভূত হৈছে।

ইফালে, সদৌ অসম ছাত্ৰ সন্থা(আছু)ৰ সভাপতি দিপাংক কুমাৰ নাথে সোমবাৰে পুৱাৰ ভাগত শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ জলেশ্বৰত উপস্থিত হয়।আছুৰ সভাপতি দিপাংকৰে ছিগি যোৱা অংশটো পৰ্যবেশন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়- বিগত চল্লিশটাকৈ দিন অতিবাহিত হোৱাৰ পিছতো ক্ষতিগ্ৰস্থ নদীবান্ধটো সুৰক্ষিত কৰিবলৈ চৰকাৰ আৰু চৰকাৰৰ বিভাগে কোনো ব্যৱস্থা নকৰিলে।ফলত এতিয়া এশ মিটাৰ ছিগিছে।ৰাতিৰ ভিতৰত আৰু কেইবাটাও অংশ ছিগি যাব বুলি আমাৰ ধাৰণা হৈছে।সময়ত পদক্ষেপ ল'লে এই পৰিস্থিতিৰ সৃষ্টি নহ'ল হেঁতেন।প্ৰশাসনে ৯২খন গাঁৱক সতৰ্কতাৰ জাননী দিয়ে দায়িত্ব সামৰিছে।বিগত চল্লিশটাকৈ দিনে মথাউৰিটো মেৰামতি কৰিবলৈ কিয় সময় নহ'ল বুলি ছাত্ৰ সংগঠনটোৰ সভাপতিজনে চৰকাৰক প্ৰশ্ন কৰে।

দেওবাৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ছিগি যোৱাৰ পূৰ্বে নদীবান্ধটো পৰিদৰ্শন কৰিছে।কিন্তু সোমবাৰে পুৱা ছিগি যায় মধাউৰিটো।এতিয়াও ৰাইজক সুৰক্ষিত কৰিবলৈ সময় আছে বুলি পৰিস্থিতি পৰ্যবেশন কৰি তেওঁ মন্তব্য কৰে। আধুনিক উপকৰণেৰে ছিগি যোৱা অংশটো যুদ্ধকালীন তৎপৰতাৰে মেৰামতি কৰি জলেশ্বৰ আৰু লক্ষীপুৰ অঞ্চলৰ ৰাইজক সুৰক্ষিত কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজেই দায়িত্ব ল'বলৈ আহ্বান কৰে আছুৰ সভাপতি দিপাংক কুমাৰ নাথে।গোৱালপাৰা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি অভিজিৎ নাথ আৰু জিলা সম্পাদক বেদান্ত কাশ্যপেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নৈ পৰীয়া ৰাইজক সুৰক্ষিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in