গোৱালপাৰাৰ চৰকাৰী বিদ্যালয়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবলৈ আহৰি নাপালে প্ৰধান শিক্ষয়িত্ৰীয়ে, বোন্দাপৰ দি উভতিল ছাত্ৰ-ছাত্ৰী

গোৱালপাৰাৰ চৰকাৰী বিদ্যালয়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবলৈ আহৰি নাপালে প্ৰধান শিক্ষয়িত্ৰীয়ে, বোন্দাপৰ দি উভতিল ছাত্ৰ-ছাত্ৰী

ডিজিটেল সংবাদ, গোৱালপাৰাঃ সমগ্ৰ দেশৰ লগতে গোৱালপাৰা জিলাতো দেওবাৰে চৰকাৰী আৰু বেচৰকাৰীভাৱে উহল মালহেৰে উদযাপিত হ'ল ৭১ সংখ্যক গণৰাজ্য দিৱস। কিন্তু গোৱালপাৰাৰ এখন চৰকাৰী বিদ্যালয়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবলৈ আহৰি নাপালে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে।

বিদ্যালয়খন হ'ল গোৱালপাৰা চহৰৰ উপকণ্ঠত অৱস্থিত মাটিয়া শিক্ষা খণ্ডৰ অধীনস্থ হেলাপাখৰী টিলাপাৰা প্ৰাথমিক বিদ্যালয়। অভিযোগ মতে, দেওবাৰে পুৱা সাত বজাৰ পৰাই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে গণৰাজ্য দিৱসৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ আহি ঘণ্টাৰ পিছত ঘণ্টা বিদ্যালয় চৌহদত বোন্দাপৰ দিয়ে। কিন্তু চৰকাৰী বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিমাশ্ৰী দাস পতাকা উত্তোলন কৰিবলৈ উপস্থিত হোৱা দেখা নগ'ল।

ফলত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন নকৰাকৈয়ে ছাত্ৰ-ছাত্ৰীসকলে উভতিব লগা হৈছে। ইয়াকে লৈ স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল খৰ্গহস্থ হৈ পৰিছে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in