অসম-মেঘালয় সীমান্তত গোৱালপাৰা জিলা বন সংমণ্ডলৰ অভিযান, আঢ়ৈ লাখ টকা মূল্যৰ শাল গছৰ কুণ্ডাসহ বাহন জব্দ

অসম-মেঘালয় সীমান্তত গোৱালপাৰা জিলা বন সংমণ্ডলৰ অভিযান, আঢ়ৈ লাখ টকা মূল্যৰ শাল গছৰ কুণ্ডাসহ বাহন জব্দ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰাত পুনৰ সক্ৰিয় হৈ উঠিছে দাঁতি কাষৰীয়া মেঘালয় ৰাজ্যৰ চোৰাং কাঠৰ মাফিয়া চক্ৰ আৰু চোৰাং গছৰ অবৈধ সৰবৰাহ। সোমবাৰে নিশা গোৱালপাৰা বন সংমণ্ডলে গোপন খবৰৰ ভিত্তিত এনে চোৰাং কাঠৰ সৰবৰাহ আৰু মাফিয়া চক্ৰৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰিছে চোৰাং শাল গছৰ বৃহৎ কুণ্ডা আৰু এখন নথি-পত্ৰৰ ম্যাদ উকলি যোৱা পিক আপ ভান। বন সংমণ্ডল শীৰ্ষ সূত্ৰই জনোৱা মতে গোৱালপাৰা জিলাৰ গাতে লাগি থকা মেঘালয় ৰাজ্যৰ পৰা চোৰাং কাঠৰ সৰবৰাহ নিশাৰ ভাগত ব্যাপক হাৰত বৃদ্ধি পাইছে। এনে সময়তে মাফিয়া চক্ৰই বৃহৎ পৰিমানৰ মূল্যবান শাল গছৰ কুণ্ডা সোমবাৰে নিশাৰ ভাগত চোৰাং কৈ জিলাখনলৈ সৰবৰাহ কৰিবলৈ যোজা কৰাৰ গোপন খবৰ লাভ কৰে বিভাগটোৰ জিলা সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীয়ে।

সীমান্তৱৰ্তী স্থানীয় সচেতন মহলৰ নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত বন সংমণ্ডলৰ বন সুৰক্ষা বিষয়া ডিনেশ চন্দ্ৰ দাস, সহকাৰী বন সংৰক্ষক নয়ন জ্যোতি ৰাজবংশী আৰু বিৰেণ কলিতাই সংমণ্ডলৰ এদল বন সুৰক্ষা কৰ্মী লগত লৈ সোমবাৰে নিশা ১১.৩০ বজাত অসম-মেঘালয় সীমান্তৱৰ্তী গোঁসাইধোৱা অঞ্চলত অভিযান চলায়। বন সংমণ্ডলৰ এই অভিযানত কৃষ্ণাই আঞ্চলিক বন বিভাগৰ অধীনস্থ অঞ্চলটোৰ গোঁসাইধোৱাৰ বোকাময় পথত চোৰাং সৰবৰাহকাৰীসকলে এৰি থৈ যোৱা এএছ০১বিচি৭৩৯৫ পঞ্জীয়ন নম্বৰৰ এখন পিক আপ ভানসহ চৈধ্য ডাল বৃহৎ শালগছৰ কুণ্ডা উদ্ধাৰ কৰে কৰে।

অভিযানৰ সময়ত চোৰাং সৰবৰাহকাৰীসকলে আগতীয়াকৈ অভিযানৰ খবৰ পাই পলাই যায়।অভিযানকাৰী দলটোৱে নিশা আঢ়ৈ বজাত ভানখনৰ সৈতে মূল্যবান গছৰ কুণ্ডাসমূহ জব্দ কৰি আন এখন ভানেৰে সংমণ্ডল কাৰ্যালয়লৈ আনে। জব্দকৃত শালগছৰ কুণ্ডা চৈধ্য ডালৰ ন্যূনতম বজাৰ মূল্য আঢ়ৈ লাখ টকা আৰু জব্দকৃত বাহনখনৰ প্ৰয়োজনীয় নথি-পত্ৰৰ ম্যাদ উকলি যোৱা বুলি বিভাগটোৱে জানিবলৈ দিছে।

উল্লেখ্য যে, বিগত বৰ্ষত গোৱালপাৰা জিলা আৰক্ষী আৰু বন সংমণ্ডল বিভাগৰ পৃথক পৃথক অভিযানত জিলাখনলৈ মেঘালয় ৰাজ্যৰ চোৰাং কাঠ সৰবৰাহ যথেষ্ঠ হ্ৰাস পাইছিল। কিন্তু চলিত বৰ্ষত আৰক্ষী আৰু বন বিভাগৰ অভিযানত শিথিলতা আহি পৰে। ইয়াৰ পূৰ্ণ সুযোগতে পুনৰ চোৰাং কাঠৰ মাফিয়া চক্ৰ সক্ৰিয় হৈ উঠিছে জিলাখনত। সন্ধিয়া হলেই জিলাখনৰ ৰাজপথেৰে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ পৰা দ্ৰুত গতিত ট্ৰাকে ট্ৰাকে চোৰাং শাল-চেগুনৰ কুণ্ডা সৰবৰাহ হয়। জিলাখনৰ একাংশ আঞ্চলিক বন বিষয়াৰ ছত্ৰছায়াতে চোৰাং কাঠৰ এই সৰবৰাহ আৰু মাফিয়া চক্ৰৰ দপদপনি ব্যাপক হাৰত বৃদ্ধি পোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in