গোৱালপাৰাত ব্যতিক্ৰমী নৈশ ক্ৰিকেট: ছয় মাৰিলে আউট দিয়ে আম্পায়াৰে…

গোৱালপাৰাত ব্যতিক্ৰমী নৈশ ক্ৰিকেট: ছয় মাৰিলে আউট দিয়ে আম্পায়াৰে…

ডিজিটেল সংবাদ, গোৱালপাৰা: গোৱালপাৰা চহৰৰ উপকণ্ঠ শান্তিপুৰ-মিলন নগৰত শনিবাৰৰ সন্ধিয়াৰে পৰা আৰম্ভ হৈছে এখন অভিনৱ আৰু ব্যতিক্ৰমী নৈশ চাৰ্কোল টেনিচ ক্ৰিকেট টুৰ্নামেণ্ট।ক্ষুদ্ৰ বৃত্তকাৰ পৰিসৰৰ ভিতৰত আধুনিক ক্ৰিকেটৰ সকলো নীতি-নিয়মৰ মাজেৰে শনিবাৰৰ সন্ধিয়াৰে পৰা আৰম্ভ হোৱা দুদিনীয়া নৈশ টেনিচ চাৰ্কোল টুৰ্নামেণ্টখনত বান্ধি দিয়া হৈছে এক ব্যতিক্ৰমী আৰু অদ্ভুত নিয়ম।য'ত উইকেট বা বেটচমেনে ছয় মাৰিলে আউট দিয়ে আম্পায়াৰে।

বৰপাহাৰৰ ক্ৰিকেট বলীয়া এদল যুবকে আয়োজন কৰা এই টুৰ্নামেণ্টখনত গোৱালপাৰা চহৰৰ মুঠ ২৭ টা ক্ৰিকেট দলে অংশ লৈছে। ৰোমাঞ্চ আৰু উত্তেজনাৰে চলি থকা এই অভিনৱ নিয়মৰ ক্ৰিকেট খেল চাবলৈ ক্ষুদ্ৰ চাৰ্কোলৰ ষ্টেডিয়ামত ভৰি পৰিছে দৰ্শক।ইয়াৰ মাজত অধিকাংশ দৰ্শক স্থানীয় মহিলা। দেওবাৰে নিশা ফাইনেল খেল অনুষ্ঠিত হ'ব বুলি আয়োজক যুবকসকলে জানিব দিছে। বিজয়ী আৰু ৰাণাৰ্চআপক দলক দিয়া হ'ব ট্ৰফি আৰু নগদ ধন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in