গোৱালপাৰাৰ দুটা হাই ভল্টেজ জিলা পৰিষদ সমষ্টিৰ ফলাফলক লৈ উৎকণ্ঠিত সৰ্বস্তৰৰ ৰাইজ

গোৱালপাৰাৰ দুটা হাই ভল্টেজ জিলা পৰিষদ সমষ্টিৰ ফলাফলক লৈ উৎকণ্ঠিত সৰ্বস্তৰৰ ৰাইজ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাত পঞ্চায়ত নিৰ্বাচনৰ ১৬টা জিলা পৰিষদৰ চলি থকা ভোটগণনাৰ ফলাফলৰ ভিতৰত দুটা হাই ভল্টেজ সমষ্টিক লৈ চৰম উৎকণ্ঠাই বিৰাজ কৰিছে। জিলাখনৰ গোৱালপাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ ক্ৰমে- শ্ৰীসূৰ্য্যগিৰি আৰু আমবাৰী জিলা পৰিষদ সমষ্টি দুটাত শেষ হাঁহি কোনে মাৰিব তাক লৈ এই মুহূৰ্ত্বত সমষ্টি দুটাৰ সৰ্বস্তৰৰ ৰাইজৰ আলোচনাৰ বিশেষ কেন্দ্ৰবিন্দু হৈ পৰিছে।

এই জিলা পৰিষদ সমষ্টি দুটা হাই ভল্টেজ সমষ্টি হিচাপে পৰিগণিত হৈছে। বিশেষকৈ পশ্চিম গোৱালপাৰাৰ প্ৰাক্তন প্ৰতাপী কংগ্ৰেছী বিধায়ক এ বি এছ জোদ্দাৰ আৰু বৰ্তমানৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে আমবাৰী জিলা পদিষদ আৰু পূৱ গোৱালপাৰাৰ বিধায়ক এ কে ৰছিদ আলমে শ্ৰীসূৰ্য্যগিৰি জিলা পৰিষদটো যিকোনো মূল্যৰ বিনিময়ত নিজৰ দখলত আনিবলৈ অহোপুৰুষাৰ্থ প্ৰচেষ্টা চলাই হাই ভল্টেজ প্ৰচাৰ চলাইছিল।

কিয়নো এই দুয়োটা জিলা পৰিষদক লৈ বৰ্তমানৰ দুজনকৈ কংগ্ৰেছী বিধায়কৰ লগতে পশ্চিম গোৱালপাৰাৰ একালৰ প্ৰতাপী প্ৰাক্তন বিধায়ক আবু বক্কাৰ ছিদ্দিক জোদ্দাৰৰ আত্মসন্মাৰ প্ৰশ্ন জড়িত হৈ পৰিছে। যদিহে এই সমষ্টি দুটা কংগ্ৰেছে নিজৰ দখললৈ আনিব নোৱাৰে। উল্লেখ্য যে গোৱালপাৰাৰ শ্ৰীসূৰ্য্যগিৰি জিলা পৰিষদৰ সদস্যা পদত কংগ্ৰেছৰ দলীয় টিকটত অৱৰ্তীৰ্ণ হোৱা স্থানীয় বিধায়ক এ কে ৰছিদ আলমৰ ভনী হামিদা আহমেদ আৰু পশ্চিম গোৱালপাৰাৰ আমবাৰী জিলা পৰিষদ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অৱৰ্তীৰ্ণ হোৱা স্থানীয় বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ নিজা সমষ্টি তথা প্ৰাক্তন বিধায়ক এ বি এছ জোদ্দাৰৰ পত্নী বুলুন নেহাৰ জোদ্দাৰৰ ভাগ্যৰ গণনা সম্প্ৰতি গণনা কেন্দ্ৰত চলি আছে।

স্মৰ্তব্য যে শ্ৰীসূৰ্য্যগিৰি আৰু আমবাৰী দুয়োটা জিলা পৰিষদত কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান জনাইছিল গণভিত্তি থকা দুজনকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে।শ্ৰীসূৰ্য্যগিৰিত কংগ্ৰেছৰ প্ৰাৰ্থী হামিদা আহমেদৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী শ্বৰীফা আহমেদ আৰু আমবাৰীত কংগ্ৰেছৰ বুলুন নেহাৰ জোদ্দাৰৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী ইয়াছমিনা আহমেদ প্ৰবল প্ৰত্যাহ্বান জনাইছিল। এই দুয়োটা সমষ্টি হেৰুৱাৰ শংকাতো ভুগিছিল প্ৰভাৱশালী বিধায়ককেইজনে।

যাৰ ফলত তিনিওজন বিধায়কে এই সমষ্টি দুটা হাই ভল্টেজ সমষ্টি হিচাপে গণ্য কৰি হাই ভল্টেজ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল। শ্ৰীসূৰ্য্যগিৰি সমষ্টিৰ বিধায়ক ভগ্নী হামিদা আহমেদক উদ্ধাৰৰ বাবে বিধায়ক ৰছিদ আলমে হাই ভল্টেজ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল। বিধায়ক আলমে শিলচৰৰ সাংসদ তথা সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী সুস্মিতা দেৱ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক লৈ বিশাল নিৰ্বাচনী সভাও পাতে।

ইয়াৰ বিপৰীতে পশ্চিম গোৱালপাৰাৰ বিধায়ক ৰছিদ মণ্ডলেও নিৰ্বাচনৰ চাৰিদিনমান পূৰ্বে আমবাৰী তিনিআলি বজাৰত ডেৰ সহস্ৰাধিক দলীয় কৰ্মীৰ সৈতে অসুষ্ঠ দেহাৰে কংগ্ৰেছৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি বুলুন নেহাৰ জোদ্দাৰক উদ্ধাৰৰ বাবে প্ৰচাৰ কাৰ্য চলাই চমক দেখুৱাইছিল।তদুপৰি জনপ্ৰিয় যুৱ বিধায়ক ৰূপজ্যোতি কুৰ্মীকে ধৰি প্ৰাক্তন শক্তি মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈও আমবাৰীক উদ্ধাৰৰ বাবে জোৰদাৰ প্ৰচাৰ চলাইছিল।সংগ দিছিল বুলুন নেহাৰৰ স্বামী তথা একালৰ প্ৰতাপী বিধায়ক এ বি এছ জোদ্দাৰে।

স্বাভাবিকতে এই দুয়োটা হাই ভল্টেজ সমষ্টিৰ শেহতীয়া গণনাৰ ফলাফলক লৈ ৰাইজ উৎকণ্ঠিত হৈছে। শেহতীয়াকৈ জানিব পৰা মতে, পূৱ গোৱালপাৰাৰ শ্ৰীসূৰ্য্যগিৰি জিলা পৰিষদ সমষ্টিত ৰছিদ আলমৰ ভগ্নি হামিদা আহমেদে নিৰ্দলীয় প্ৰাৰ্থী শ্বৰীফা আহমেদতকৈ বহু ভোটত পিছ পৰি আছে।

ইয়াৰ বিপৰীতে ৰছিদ মণ্ডলৰ নিজ পশ্চিম গোৱাপাৰা সমষ্টিৰ আমবাৰী জিলা পৰিষদত প্ৰাক্তন বিধায়ক এ বি এছ জোদ্দৰৰ পত্নী তথা কংগ্ৰেছৰ প্ৰাৰ্থী বুলুন নেহাৰ জোদ্দাৰৰে নিৰ্দলীয় প্ৰাৰ্থী ইয়াছমিনা আহমেদক পিছ পেলাই জয়ৰ দিশে অগ্ৰসৰ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in