গোৱালপাৰাৰ ডিটেনচন কেম্পত আফ্ৰিকাৰ চোমোলিয়া সদৃশ দুৰ্ভিক্ষঃ ১৭০০ গৰু-ম’হৰ ভিতৰত আছেগৈ ৫৫০টা…

গোৱালপাৰাৰ ডিটেনচন কেম্পত আফ্ৰিকাৰ চোমোলিয়া সদৃশ দুৰ্ভিক্ষঃ  ১৭০০ গৰু-ম’হৰ ভিতৰত আছেগৈ ৫৫০টা…

ডিজিটেল সংবাদ,গোৱালপাৰাঃ সম্প্ৰতি আফ্ৰিকাৰ চোমোলিয়া সদৃশ দুৰ্ভিক্ষৰ নিদাৰুণ পৰিৱেশৰ সৃষ্টি হৈছে গোৱালপাৰাৰ গৰু-মহ'ৰ ডিটেনচন কেম্পত।এমুঠি সেউজীয় কেচা ঘাঁহ বা পশু খাদ্যৰ অভাৱত তিল তিল কৈ নিতৌ মৃত্যু মুখত পৰিছে হিন্দু ধৰ্মাৱলম্বীৰ পূজনীয় গো মাতা। মানুহৰ সমানে প্ৰতিটো জীৱ-জন্তুৰো জীয়াই থকাৰ সমান অধিকাৰ আছে।কিন্তু অতি পৰিতাপৰ বিষয় যে জীৱ-জন্তুৰ এই জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰি গো-মাতাৰ মৃত্যু যজ্ঞ পাতিছে বহি:ৰাজ্য ধ্যান ফাউণ্ডেচন নামৰ অপদাৰ্থ বে-চৰকাৰী সংস্থাটোৱে।

অকল লাভৰ অংক কৰিয়েই প্ৰায় দুই হেজাৰ গৰু-ম'হক পৰ্যাপ্ত আৰু পুস্তিকৰ কেচা ঘাঁহ আৰু খাদ্যৰ পৰা বঞ্চিত কৰি গোৱালপাৰাৰ এই ডিটেনচন কেম্পটোক বৰ্তমান 'মৃত্যু উপত্যাকা'লৈ ৰূপান্তৰিত কৰিছে ধ্যান ফাউণ্ডেচনে।পৰিণতিত কেম্পটোত ধ্যান ফাউণ্ডেচনে দাবী কৰি অহা ১৭০০ গৰু-ম'হৰ খাদ্যৰ অভাৱত ব্যাপক হাৰত কৰুণ মৃত্যু ঘটিছে।

প্ৰতিদিনে অতি কমেও ৫ৰ পৰা আঠ- দহটা গৰু-ম'হৰ খাদ্যৰ অভাৱত মৃত্যু ঘটি আহিছে কেম্পটোত।ম'হতকৈ গৰুৰ মৃত্যুৰ হাৰ সৰ্বাধিক।বিগত দেৰ মাহতে ডিটেনচন কেম্পত ১৮০ৰ পৰা ১৯০ টা গৰুৰ পুস্তি আৰু নিদ্ৰাহীনতাত মৃত্যু হোৱা বুলি ডিটেনচন কেম্পটোৰ এক গোপন আৰু নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে।ইয়াৰ বিপৰীতে কেইবা শ গৰু-ম'হে ডিটেনচন কেম্পটোত মৃত্যু মুখত পৰিছে।বহু গৰু-ম'হ পুস্তিহীনতাত মৃত্যুৰ ক্ষণ গণিছে।অসুস্থ হৈ থকা গৰু-ম'হৰ চলি থকা চিকিৎসাও চৰম ভেঁকোভাওনাত পৰিণত হৈছে।

খাদ্যহীনতা বা আন কোনো কাৰণত অসুস্থ হৈ পৰা কোনো এটি গৰু-ম'হক ধ্যান ফাউণ্ডেচন নিয়োগ কৰা পশু চিকিৎসক বা কৰ্মীয়ে জীৱন বচাব পৰা নাই।একেটা সূত্ৰই দাবী কৰা মতে ডিটেনচন কেম্পত এনেদৰে ব্যাপক হাৰত পশুধনসমূহ মৰি মৰি এতিয়া ডিটেনচন কেম্পত আনুমানিক ৫০০ৰ পৰা ৫৫০টা মানহে গৰু-ম'হ আছে।এই সমূহৰো অৱস্থা দিনকদিনে অৱস্থা ক্ৰমশ:তথৈবচ হ'বলৈ লৈছে।নিবিদা যোগে ডিটেনচন কেম্পৰ পৰিচাৰিকাৰ দায়িত্ব পোৱা অন্ধ্ৰপ্ৰদেশৰ ধ্যান ফাউণ্ডেচনে প্ৰতিদিনে একোটা গৰু-ম'হক দুডাল মান শুকান খেৰ আৰু এমুঠি শুকান পশু খাদ্য পানীৰ লগত মিহলি কৰি 'ঘোলা পানী' খাবলৈ দি তিল তিল কৈ মৃত্যুৰ মুখলৈ থেলি দিছে।

ডিটেনচন কেম্পটোত বন্দীত্বৰ জীৱন কটাই থকা পশুধনসমূহক খাবলৈ দিয়া খাদ্য যথেষ্ঠ কম আৰু পুস্তিকৰ নহয় বুলি পূৰ্বৰে পৰা অভিযোগ উত্থাপিত হৈ আহিছে।পৰিণতিত কেম্পটো স্থাপন হ'বৰে পৰা কেইবাশ গৰু-ম'হে অকাল মৃত্যুক সাবতি ল'বলগীয়া হৈছে।ডিটেনচন কেম্পটোৰ এনে কৰুণ পৰিস্থিতি আৰু পৰিৱেশ যাতে সংবাদ মাধ্যমত প্ৰকাশ নহয় তাৰ বাবে ডিটেনচন কেম্পটোত সাধাৰণ লোকৰ লগতে সাংবাদিক আৰু স্থানীয় আৰক্ষীৰ লোককো প্ৰৱেশ নিষিদ্ধ কৰিছে।

ভিতৰ চৰাৰ ফটো বা ভিডিঅ' লোৱাও বাৰণ কৰিছে ধ্যান ফাউণ্ডেচন নামৰ তথাকথিত বহি:ৰাজ্যৰ সংস্থাটোৱে।ইয়াৰ বাবে ধ্যান ফাউণ্ডেচনে মূল প্ৰৱেশ দ্বাৰত চাৰিখনকৈ বৃহৎ বৃহৎ গেট স্থাপন কৰাৰ লগতে চৌদিশে চিচি কেমেৰা স্থাপন কৰিছে।পূৰ্বৰ উন্মুক্ত চৌহদো ওখকৈ টিনপাটৰ বেৰ স্থাপন কৰিছে।কোনো সাংবাদিকে ডিটেনচন কেম্পত প্ৰৱেশ কৰিবলৈ কৰ্তৃপক্ষ বা চিকিউৰিটী পাৰ্চনক লগ কৰিলে জিলা আৰক্ষী অধীক্ষকৰ বিশেষ অনুমতি আছে নে নাই বুলি তাৎপৰ্যপূৰ্ণ প্ৰশ্ন কৰে।

ডিটেনচন কেম্পটোত পশুধনৰ এই মৰ্মান্তিক মৃত্যু সন্দৰ্ভত কৰ্তৃপক্ষক প্ৰশ্ন কৰিলে ভাৰত-বাংলা সীমান্তৰ পৰা ডিটেইন হৈ আহোতে গৰু-ম'হ সমূহৰ অৱস্থা বেয়া হৈ আহে বুলি মন্তব্য কৰি দায় সাৰে।কিন্তু যোৱা ৫ মাৰ্চত ইয়াৰ এক ওলোটা ছবিয়ে দেখিবলৈ পোৱা গৈছে।পাঁচ মাৰ্চত ভাৰত-বাংলাৰ আন্ত:ৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে জব্দ কৰা মুঠ ৭০টা চোৰাং গৰু গোৱালপাৰাৰ এই ডিটেনচন কেম্পটোলৈ লৈ অনা হয়।প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে,এই ৭০টা গৰু তজবজীয়া বা সুস্বাস্থ্যৰ আছিল।কিন্তু সপ্তাহ দিন পাৰ হ'বলৈ নৌপাওঁতেই পৰ্যাপ্ত খাদ্যৰ অভাৱত এইকেইটা গৰুৰো স্বাস্থ্যৰ দূত অবনতি ঘটিবলৈ লৈছে।

উল্লেখ্য যে গোৱালপাৰা জিলাৰ শ্ৰীশ্ৰীসূৰ্য্যপাহাৰৰ নামনিত থকা ডিগম্বৰ জৈন মন্দিৰৰ ভূমিত স্থাপন কৰা এই বিশাল ডিটেনচন কেম্পটোৰ এই পৰিস্থিতি সন্দৰ্ভত যোৱা ৬ আৰু ৭ জানুৱাৰীত ক্ৰমে 'অসমীয়া প্ৰতিদিন' আৰু ইয়াৰ ডিজিটেল সংস্কৰণত 'মোডি-অমিত শ্বাহ,সৰ্বানন্দ-হিমন্তই ৰাখিছেনে খবৰ?গোৱালপাৰাৰ ডিটেনচন কেম্পত তিল তিলকৈ মৃত্যু মুখত পৰিছে গো মাতা' শীৰ্ষক বাতৰি প্ৰকাশৰ পিছতে জিলা প্ৰশাসনে ইয়াৰ ওপৰত এক উচ্চপৰ্য্যায়ৰ তদন্ত ঘোষনা কৰিছে।ইয়াৰ অংশ হিচাপে গোৱালপাৰা জিলা প্ৰশাসনৰ দণ্ডাধীশ সৌৰভ কুমাৰ দাসে যোৱা ৫ মাৰ্চত শ্ৰীসূৰ্য্য পাহাৰৰ থকা ডিটেনচন কেম্পত ব্যাপক হাৰত গো মাতাৰ মৃত্যুৰ অভিযোগ সন্দৰ্ভত আকস্মিক আৰু চৰজমিন তদন্ত কৰিবলৈ উপস্থিত হয়।

ডিটেনচন কেম্পটোত তদন্ত কৰিবলৈ উপস্থিত হোৱাৰ লগে লগে কেম্পটোৰ অৱস্থা দেখি দণ্ডাধীশ সৌৰভ কুমাৰ দাসৰ চকু কপালত উঠৈ।দণ্ডাধীশগৰাকীয়ে কেম্পটোত উপস্থিত হৈ গৰু-ম'হৰ ওচৰ পোৱা লগে লগে আটাইবোৰ ভোকাতুৰ পশুৱে খাদ্যৰ বাবে হেম্বেলিয়াই খাদ্য বিচাৰি ওচৰ চপাৰ কৰুণ দৃশ্যৰ সৃষ্টি হয়।থিক যিদৰে পূৱ আফ্ৰিকাৰ দুৰ্ভিক্ষ কবলিত চোমোলিয়াৰ ভোকাতুৰ শিশুবোৰ বিচাৰী ইউনিচেফ বা কোনো দল-সংগঠনৰ সদস্যই ওচৰ পালে খাদ্য বিচাৰি হাহাকাৰ কৰে।

কেম্পটোত থকা গৰু-মহৰ এই কৰুণ পৰিস্থিতি প্ৰত্যক্ষ কৰি দণ্ডাধীশৰো চকু সেমেকি উঠিছি বুলি ডিটেনচন কেম্পটোত দায়িত্ব পালন কৰা একাংশ কৰ্মচাৰীয়ে জানিব দিয়ে।প্ৰনিধান যোগ্য যে আজি দীৰ্ঘ দিন ধৰি আৰক্ষীৰ চকুৰ পচাৰতে গোৱালপাৰা,মানকাচৰ,ধুবুৰী আদিকে ধৰি নামনি অসমৰ কেইবাখনো জিলাৰ বিশেষ বিশেষ স্থানত আন্ত:ৰাষ্ট্ৰীয় চোৰাং গৰু-ম'হ সৰবৰাহৰ বৃহৎ আৰু প্ৰভাৱশালী চিণ্ডিকেট চক্ৰ গঢ়ি উঠিছে।গৰু-ম'হৰ এই চোৰাং সৰবৰাহত একাংশ ৰাজনৈতিক দলৰ নেতা পালি নেতাও পৰোক্ষভাৱে জড়িত হৈ পৰিছে।

সম্প্ৰতি পশ্চিম গোৱালপাৰা আওলাতলীত এজন শাসকীয় দলৰ পালি নেতাৰ পৃষ্ঠপোষকতাত বৃহৎ চিণ্ডিকেট মুক্ত ভাৱে চলি আছে।নামনি অসমৰ এই জিলা কেইখনৰ প্ৰভাৱশালী চক্ৰটোৱে স্থানীয় আৰক্ষী থানাসমূহক মেনেজ কৰি ধুবুৰী-মানকাচৰৰ ভাৰত-বাংলাৰ উন্মুক্ত সীমান্ত আৰু মেঘালয়ৰ বাঘমাৰাৰে নিশাৰ এন্ধাৰত চোৰাংকৈ আন্ত:ৰাষ্ট্ৰীয় সীমান্ত পৰা কৰি বাংলাদেশলৈ ব্যাপক হাৰত গৰু-ম'হ সৰবৰাহ কৰি আহিছে।এনে আন্ত:ৰাষ্ট্ৰীয় চোৰাং গৰু-ম'হ সৰবৰাহ ৰোধ কৰিবলৈ সময়ে সময়ে সীমান্ত সুৰক্ষা বিহিনীয়ে অভিযান চলাই আহিছে।

সুৰক্ষা বাহিনীৰ অভিযানত জব্দ হোৱা এই চোৰাং গৰু-ম'হ সমূহ পৰিচাৰিকা বা যতন কৰিবলৈ ভাৰত চৰকাৰৰ অনুমোদন মৰ্মে সীমান্ত সুৰক্ষা বিহিনীয়ে এক নিবিদা আহ্বান কৰে।প্ৰতিটো গৰু বা ম'হৰ পৰিচাৰিকাৰ নামত প্ৰতিদিনে ২০ টকাকৈ পোৱাৰ নিবিদা লাভ কৰে অন্ধ্ৰপ্ৰদেশৰ ধ্যান ফাউণ্ডেচনে।ধ্যান ফাউণ্ডেচনে শ্ৰীসূৰ্য্য পাহাৰৰ ডিগম্বৰ জৈন মন্দিৰ পৰিচালনা সমিতিৰ সৈতে বুজাবুজি কৰি তেওঁলোকৰ ভূমিত কেম্পটো স্থাপন কৰে বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ শেষত।কিন্তু তাৎপৰ্যৰ বিষয় যে প্ৰতিদিনে গৰু বা ম'হেপ্ৰতি পৰিচাৰিকা(খাদ্যৰ সৈতে) মাত্ৰ বিশ টকা লাভ কৰে ধ্যান ফাউণ্ডেচনে।

এই সামান্য বিশ টকাত কি পুস্তিকৰ খাদ্য যোগান ধৰি গৰু-ম'হসমূহৰ কি দৰে যতন কৰি অহা হৈছে সেয়া সহজে অনুমেয়।যি সময়ত গো মাতাৰ ৰক্ষাৰ নামত দেশৰ ভিন্ন প্ৰান্তে প্ৰান্ত মুছলমান আৰু দলিত সম্প্ৰদায়ৰ ওপৰত অকথ্য নিৰ্যাতন চলাই হত্যা জ্ঞ চলাই আহিছে একাংশ স্বয়ম্ভু গো ৰক্ষকৰ দলে,সেই সময়তে বিগত চাৰিটা মাহতকৈ অধিক দিন ধৰি গোৱালপাৰাৰ এই ডিটেনচন কেম্পটোত শ শ গো মাতাই খাদ্যৰ অভাৱত কৰুণ মৃত্যুক সাবতিছে।

অথচ স্বয়ম্ভু ৰক্ষকৰ দলসমূহে গোৱালপাৰাৰ ডিটেনচন কেম্পটোৰ অবৰ্ণনীয় পৰিস্থিতিৰ বাতৰি প্ৰকাশৰ পিছতো খবৰ ল'বলৈ আহৰি পোৱা নাই।গো মাতাৰ বাবে এম্বুলেঞ্চৰ ব্যৱস্থা আৰু পোষকতা কৰা ৰাজনৈতিক নেতাসকলে এই ডিটেনচন কেম্পটোৰ ওপৰত চকু দিয়ে নে নিদিয়ে সেয়া অৱশ্যেই লক্ষ্যণীয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in